
নতুন দিল্লী, ০৩ ডিচেম্বৰ (হি.স.)। ভাৰতীয় ৰে’লৱে একাউণ্টছ চাৰ্ভিচৰ ১৯৮৭ বেচৰ জ্যেষ্ঠ বিষয়া অপৰ্ণা গাৰ্গে সোমবাৰে ৰে’লৱে ব’ৰ্ডত সদস্য (বিত্ত) হিচাপে দায়িত্ব গ্ৰহণ কৰে। ৩৬ বছৰতকৈও অধিক সময়ৰ বিস্তৃত প্ৰশাসনিক আৰু বিত্তীয় অভিজ্ঞতাৰে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম জ্যেষ্ঠ চৰকাৰী কৰ্মচাৰী। বুধবাৰে ৰে’ল মন্ত্ৰালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই তথ্য প্ৰকাশ কৰে।
ৰেলৱেত দীৰ্ঘদিনীয়া কৰ্মজীৱন কালত গাৰ্গে কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আহিছে। মহীশূৰত বিভাগীয় ৰেলৱে পৰিচালক, ৰেল চকা কাৰখানাৰ মুখ্য বিত্তীয় উপদেষ্টা, ভাৰতীয় ৰেলৱে বিত্তীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (আই আৰ আই এফ এম)ৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বিত্ত, প্ৰশাসন, নীতি নিৰ্ধাৰণ আৰু প্ৰতিষ্ঠানিক বিকাশৰ ক্ষেত্ৰত তেওঁৰ প্ৰমাণিত বিশেষজ্ঞতাৰ বাবে তেওঁক ৰেলৱে ব’ৰ্ডৰ গুৰুত্বপূৰ্ণ বিত্ত পৰ্টফলিঅ’ৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
অপৰ্ণা গাৰ্গৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও আছে। চেভেনিং ফেলো হিচাপে কাম কৰি ব্ৰিটেইনৰ লিডছ বিশ্ববিদ্যালয়ৰ পৰা পৰিবহণ অৰ্থনীতিত উন্নত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ মিলানৰ বকোনি স্কুল অৱ মেনেজমেণ্ট, ছিংগাপুৰৰ ইনছেড, হায়দৰাবাদৰ ইণ্ডিয়ান স্কুল অৱ বিজনেছ (আই এছ বি)ৰ পৰাও উচ্চ পৰ্যায়ৰ কাৰ্যবাহী প্ৰশিক্ষণ লাভ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ