
শিৱসাগৰ, ০৩ ডিচেম্বৰ (হি.স.)। শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত ড্ৰাগ্চ (হেৰ'ইন) জব্দ কৰা হৈছে। হালোৱাটিং বান্দৰীজানত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। এই সন্দৰ্ভত এজন লোকক আটক কৰা হৈছে। আৰক্ষীৰ অভিযানত ড্ৰাগছ খিনি জব্দ কৰাৰ লগতে লোকজনক আটক কৰা হয়।
প্ৰাপ্ত তথ্য়মতে, হিতেশ্বৰ পায়েং নামৰ ব্যক্তিজনৰ বাসগৃহত উদ্ধাৰ হৈছে ড্ৰাগছ খিনি । হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই ১৩ টা চাধা টেমাত উদ্ধাৰ কৰিছে ড্ৰাগছখিনি । ড্ৰাগ্চখিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি কোৱা হৈছে। মঙলবাৰে নিশা হালোৱাটিং আৰক্ষীয়ে বিশেষ সূত্ৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হৈছে।
ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে হিতেশ্বৰ পায়েং নামৰ ব্যক্তিজনক গ্ৰেপ্তাৰ কৰিছে । এই সন্দৰ্ভত আৰক্ষীয়ে লোক জনক সোধা–পোছা অব্য়াহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা