শুকুৰবাৰে প্ৰকাশ পাব অসম আৰক্ষীৰ ৫০০০টা পদৰ বিজ্ঞাপনঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ০৩ ডিচেম্বৰ(হি.স.)। অহা শুকুৰবাৰে প্ৰকাশ পাব অসম আৰক্ষীৰ ৫০০০ পদৰ বিজ্ঞাপন। আজি সৰুসজাইত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত হোৱা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে ঘোষণা কৰে। সৰুসজাইৰ অৰ্জুন ভোগেশ
শুকুৰবাৰে প্ৰকাশ পাব অসম আৰক্ষীৰ ৫০০০টা পদৰ বিজ্ঞাপনঃ মুখ্যমন্ত্ৰী


গুৱাহাটী, ০৩ ডিচেম্বৰ(হি.স.)। অহা শুকুৰবাৰে প্ৰকাশ পাব অসম আৰক্ষীৰ ৫০০০ পদৰ বিজ্ঞাপন। আজি সৰুসজাইত ৰাজ্য চৰকাৰৰ দ্বাৰা আয়োজিত হোৱা নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে ঘোষণা কৰে। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘অহা দুটা দিনত নতুন আৰক্ষীৰ নিযুক্তি প্ৰদান কৰা হব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনৰ পিছত দুই লাখ চৰকাৰী চাকৰি প্ৰদান কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চাকৰিত নতুনকৈ যোগদান কৰা সকলে ১০ ডিচেম্বৰত চাকৰিৰ বাবে যাব লাগিব। প্ৰতিগৰাকী প্ৰাৰ্থীয়ে ৬ তাৰিখে স্বাস্থ্য পৰীক্ষাৰ বাবে যাব লাগিব গৃহ জিলাত।

উল্লেখ্য় যে ২ লাখ নিযুক্তিৰ দিশে অগ্ৰসৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰ। গৃহ বিভাগত ৫,৮১৮ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে। ৫,৪১০ গৰাকী কনিষ্টবল, ১৫৬গৰাকী উপ-পৰিদৰ্শকক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande