
কোকৰাঝাৰ, ০৩ ডিচেম্বৰ (হি.স.)। দুদিনীয়া কাৰ্যক্ৰমণিকাৰে যোৱা ১ ডিচেম্বৰ তাৰিখৰ পৰা অনুষ্ঠিত হোৱা বিটিচি প্ৰদেশীয় বিধান পৰিষদৰ শীতকালীন অধিবেশনৰ আজি সমাপ্ত হয়৷ বিটিচি প্ৰদেশীয় বিধান পৰিষদত অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ অধ্যক্ষতাত পৰিচালিত হোৱা শীতকালীন অধিবেশনত কেইবাগৰাকী পাৰিষদে উত্থাপন কৰা প্ৰশ্নোত্তৰ শিতান সমাপন হোৱাৰ পিছতে ৩১ মাৰ্চলৈকে সমাপন হ’বলগীয়া চলিত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে বিভিন্ন বিভাগত ধাৰ্য্য কৰা অতিৰিক্ত পুঁজিৰ অনুমোদন সদনত গৃহীত কৰা হয়৷
আজি বিটিচি প্ৰদেশীয় বিধান পৰিষদৰ শীতকালীন অধিবেশনৰ অন্তত বিটিচি মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে সংবাদমেল সম্বোধন কৰি চলিত বিত্তীয় বৰ্ষত পূৰ্বৰ চৰকাৰৰ অনাদায়ী ২৬০ কোটি আৰু নতুন চৰকাৰে লাভ কৰা ২৫০ কোটি টকা সহ সৰ্বমুঠ ৫১০ কোটি টকা লাভ কৰা বুলি সদৰি কৰিছে৷ এইখিনি পুঁজিৰে পৰিষদীয় চৰকাৰে মাৰ্চ মাহলৈকে অন্তৱৰ্তীকালীন বাজেট প্ৰস্তুত কৰিছে৷
আনহাতে বিগত বিটিচি পৰিষদীয় নিৰ্বাচনত বিপিএফ দলে ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতেই ভুমিহীনক মাটি পট্টা, নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপন সহ অন্যান্য দিশত কাম কৰি থকা বুলি উল্লেখ কৰে৷ আনহাতে বিটিচিত সদ্যহতে নিযুক্তি দিয়া ছয় গৰাকী পাৰিষদৰ ওপৰত উঠা অভিযোগৰ ওপৰত আলোচনা কৰি সেই মতে শুধৰণি কৰা হ’ব বুলি মন্তব্য কৰিছে৷ আনহাতে বিটিচি সচিবালয়ত আক্ৰমণৰ ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহিলাৰীয়ে এবছুৰ কাম-কাজক সমালোচনা কৰে৷ আনহাতে অহা ৫ তাৰিখে বাক্সাত আয়োজিত বিশাল গণ সমাবেশত বিজেপিৰ কৰ্মকৰ্তা আৰু সমৰ্থক সকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ কামনা কৰে৷ একেদৰে আগন্তুক বিধানসভা নিৰ্বাচনত কেনে নীতি অৱলম্বন কৰিব তাৰ ওপৰত দলীয় মঞ্চত আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণৰ কথা সদৰি কৰিছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ