শিৱসাগৰৰ পানীবিলত নিশা ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত ২
শিৱসাগৰ, ০৩ ডিচেম্বৰ (হি.স.)। শিৱসাগৰৰ পানীবিলত যোৱা কালি মঙ্গলবাৰে নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ নাজিৰাত অনুষ্ঠিত চ্যুকাফা দিৱসৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি আহি থকাৰ পথত দূৰ্ঘটনাত পতিত দুই বাইক আৰোহী ৷ এই ঘটনাত থিতাতে নিহত হয় দুই বাইক
শিৱসাগৰৰ পানীবিলত নিশা ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত ২


শিৱসাগৰ, ০৩ ডিচেম্বৰ (হি.স.)। শিৱসাগৰৰ পানীবিলত যোৱা কালি মঙ্গলবাৰে নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয় ৷ নাজিৰাত অনুষ্ঠিত চ্যুকাফা দিৱসৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰি আহি থকাৰ পথত দূৰ্ঘটনাত পতিত দুই বাইক আৰোহী ৷

এই ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী। তেওঁলোক ক্ৰমে উদিত দাস আৰু অসীম দাস ওৰফে কুলাই বুলি পৰিচয় পোৱা গৈছে ৷ দূৰ্ঘটনাত পতিত আপাচি ১৬০ বাইকখনৰ নম্বৰ এএছ ০৪ এএইচ ২৬৭৪ বুলি জানিব পৰা গৈছে। তীব্ৰ বেগেৰে আহি এটা দ খাৱৈত বাগৰি পৰে দুই বাইক আৰোহী ৷ উল্লেখ্য় যে দৰিকা কৈৱৰ্ত্তৰ একেখন গাঁৱৰে আছিল মৃত্য়ুমুখত পৰা দুই বাইক আৰোহী ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande