পেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জন সন্দেহজনক বাংলাদেশী আটক
তিনিচুকিয়া, ০৩ ডিচেম্বৰ (হি.স.)। পেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জন সন্দেহজনক বাংলাদেশীক আটক। বৃহত পৰিমাণৰ নিষিদ্ধ মাদ্ৰক দ্ৰব্য জব্দ। আজি পুৱা পেঙেৰীৰ ব্ৰহ্মাজানত কেইবাটাও স্থানীয় দল সংগঠনে শিশুসহ ৩২ জনকৈ সন্দেহজনক বাংলাদেশীক আটক কৰি পেঙেৰীৰ আৰক্ষীক চমজা
পেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জন সন্দেহজনক বাংলাদেশী আটক


তিনিচুকিয়া, ০৩ ডিচেম্বৰ (হি.স.)। পেঙেৰীৰ ব্ৰহ্মাজানত ৩২ জন সন্দেহজনক বাংলাদেশীক আটক। বৃহত পৰিমাণৰ নিষিদ্ধ মাদ্ৰক দ্ৰব্য জব্দ। আজি পুৱা পেঙেৰীৰ ব্ৰহ্মাজানত কেইবাটাও স্থানীয় দল সংগঠনে শিশুসহ ৩২ জনকৈ সন্দেহজনক বাংলাদেশীক আটক কৰি পেঙেৰীৰ আৰক্ষীক চমজাই দিয়ে। পুৱা অসম পৰিবহন নিগমৰ এখন বাছ আৰু মাৰুতি ভানেৰে অৰুণাচল স্থিত ইটা ভাটালৈ বুলি গৈ থকা বুলি জানিব পাৰি কেইবাটাও দল সংগঠনৰ নেতৃত্ব তথা স্থানীয় ৰাইজ উক্ত স্থানত উপস্থিত হৈ লোক কেইজনক সোধপোচ কৰাত সন্দেহ বশত লোক কেইজনক পেঙেৰীৰ আৰক্ষীক গতাই দিয়ে।

সন্দেহজনক অবৈধ বাংলাদেশী নাগৰিক কেইজনৰ জিম্মাৰ পৰা নিষিদ্ধ ড্ৰাগছ, গাঞ্জাৰ লগতে বিভিন্ন ধৰণৰ সন্দেহযুক্ত নিষিদ্ধ মাদ্ৰক দ্ৰব্য জব্দ কৰি আৰক্ষীক চমজাই দিয়ে। পেঙেৰীৰ আৰক্ষীয়ে সন্দেহজনক লোক কেইজনক অধিক তথ্য উদঘাটনৰ বাবে সোধাপোচা অব্যাহত ৰাখিছে। স্থানীয় দল সংগঠনে লোক কেইজনক পেঙেৰীৰ পৰা ওভোতাই পঠাবলৈ দাবী জনাইছে। কোনো কাৰণতে যাতে এই অঞ্চল সমূহত স্থাপিত হব নোৱাৰে তাৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী তথা অসম চৰকাৰৰ প্ৰতি দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande