বোকাখাতত সংঘটিত অগ্নিকাণ্ডত ১৪ টাকৈ ছাগলী অগ্নিত জাহ
গোলাঘাট, ০৩ ডিচেম্বৰ (হি.স.)। মাজনিশা বোকাখাতৰ সেউজিপাৰত সংঘটিত হই এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত এটা খেৰৰ ঘৰৰ লগতে ১৪ টাকৈ ছাগলী অগ্নিত জাহ যায় ৷ বোকাখাত সেউজিপাৰৰ নাইচ দত্ত নামৰ লোকজনৰ ঘৰৰ পিছফালে থকা খেৰৰ ঘৰটোৰ তলতে ১৪ টাকৈ সৰু-বৰ আ
বোকাখাতত সংঘটিত অগ্নিকাণ্ডত ১৪ টাকৈ ছাগলী অগ্নিত জাহ


গোলাঘাট, ০৩ ডিচেম্বৰ (হি.স.)। মাজনিশা বোকাখাতৰ সেউজিপাৰত সংঘটিত হই এক বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত এটা খেৰৰ ঘৰৰ লগতে ১৪ টাকৈ ছাগলী অগ্নিত জাহ যায় ৷ বোকাখাত সেউজিপাৰৰ নাইচ দত্ত নামৰ লোকজনৰ ঘৰৰ পিছফালে থকা খেৰৰ ঘৰটোৰ তলতে ১৪ টাকৈ সৰু-বৰ আৰু গাভিনী ছাগলী বান্ধি থোৱা আছিল ৷ কভিড কালীন সময়ৰ পৰা পোহা এজনী ছাগলীৰ পৰা বিগত পাঁচ বছৰে নাইচ দত্তই ১৪ টালৈ বৃদ্ধি কৰি এখন ব্যক্তিগত ফাৰ্মৰ সৃষ্টি কৰিছিল ৷

বিদ্যুৎ সংযোগ নথকা খেৰৰ ঘৰটোত মাজনিশা কেনেকৈ অগ্নিকাণ্ড সংঘটিত হ'ল সি ৰহস্যৰ আৱৰ্তত ৷ কাষৰ মানুহে জুইৰ লেলিহান শিখা দেখি চিঞৰ বাখৰ কৰাতহে ঘৰৰ গৃহস্থ নাইচ দত্ত বাহিৰলৈ ওলাই আহি অগ্নিকাণ্ড প্ৰত্যক্ষ কৰে ৷ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত তেওঁলোক আহি উপস্থিত হোৱালৈ সকলো জ্বলি শেষ হয় ৷ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰি মৃত ছাগলীসমূহ উদ্ধাৰ কৰে ৷ কিন্তু অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই ৷

.

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande