
দৰং, ০৩ ডিচেম্বৰ (হি.স.)। মঙলদৈত আজি কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিলৰ ১০০ ঘণ্টিয়া বৃহৎ গণ অনশন কাৰ্যসূচী অনুষ্ঠিত হয় ৷কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিলৰ সহযোগত দৰং, ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ যৌথ উদ্যোগত ১০০ ঘণ্টিয়া বৃহৎ গণ অনশন ৷ কেএলঅ’ শান্তিচুক্তি, পৃথক কমতাপুৰ ৰাজ্য পুনঃগঠন আৰু কোচ ৰাজবংশী জনজাতিকৰণৰ দাবীত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷
কমতাপুৰ ষ্টেট ডিমাণ্ড কাউঞ্চিলৰ উক্ত আন্দোলন একে সময়তে অসম আৰু উত্তৰবংগৰ বিভিন্ন অঞ্চলত আজিৰে পৰা আৰম্ভ হৈছে ৷ বড়ো জনগোষ্ঠীৰ নেতা সকলে বৰ্তমানৰ চৰকাৰে কোচ ৰাজবংশী সকলৰ লগতে ৬ জনগোষ্ঠীক জনজাতিৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰা কাৰ্যক প্ৰত্যাহ্বান জনাই চৰকাৰক অৰ্থনৈতিক সমীক্ষা কৰিবলৈ আহ্বান জনাই । আন্দোলন স্থলিৰ পৰা অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক কোচ ৰাজবংশী সকলক ভাগ ভাগ নকৰি সকলোকে সমমৰ্যাদা প্ৰদান কৰিবলৈ আহ্বান জনালে ৷কোচ ৰাজবংশী সকলৰ দাবী পূৰণ নকৰিলে অনাগত সময়ত ৰেল অৱৰোধৰ দৰে বৃহৎ আন্দোলন কৰিব বুলি জনাই আন্দোলনৰ নেতৃত্বই ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ