
তেহৰাণ, ২৮ ডিচেম্বৰ (হি.স.)। ৰাছিয়াৰ সহযোগত ইৰাণে শনিবাৰে মহাকাশলৈ তিনিটা স্বদেশী নিৰীক্ষণ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰে। ৰাজ্যিক টেলিভিছনৰ তথ্য অনুসৰি ৰাছিয়াৰ ভষ্টোচনি কচমোড্ৰমৰ পৰা ছয়ুজ ৰকেটৰ জৰিয়তে এই উপগ্ৰহসমূহ কক্ষপথত ৰখা হৈছিল। এই পদক্ষেপক পশ্চিমীয়া নিষেধাজ্ঞাৰ পিছতো ইৰাণৰ মহাকাশ কাৰ্যসূচীত আন এক অগ্ৰগতি হিচাপে দেখা গৈছে।
খবৰ অনুসৰি উৎক্ষেপণ কৰা উপগ্ৰহসমূহৰ ভিতৰত আছে জাফাৰ-২, পায়া, আৰু ক’ছৰ ১.৫। ইৰাণৰ সংবাদ সংস্থা ইৰনাই প্ৰকাশ কৰা অনুসৰি এই উপগ্ৰহসমূহ দেশৰ ব্যক্তিগত খণ্ডৰ দ্বাৰা ডিজাইন কৰা হৈছে আৰু এই উপগ্ৰহসমূহ পৃথিৱী পৰ্যবেক্ষণৰ কামত ব্যৱহাৰ কৰা হ’ব। পায়াক আজিলৈকে ইৰাণৰ আটাইতকৈ উন্নত ইমেজিং উপগ্ৰহ হিচাপে বৰ্ণনা কৰা হৈছে, য’ত কৃত্ৰিম বুদ্ধিমত্তাই ছবিৰ মান বৃদ্ধি কৰিছে। ইয়াক জলসম্পদ ব্যৱস্থাপনা, পৰিৱেশ নিৰীক্ষণ, আৰু মেপিং আদি ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব।
ফাৰ্চ সংবাদ সংস্থাৰ মতে, ছয়ুজ ৰকেটৰ নিৰ্ভৰযোগ্যতাৰ বাবেই স্পৰ্শকাতৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে বাছনি কৰা হৈছিল। ইৰাণে বিগত দুবছৰত মুঠ ১০টা উপগ্ৰহ উৎক্ষেপণ কৰিছে, য’ত চলিত বৰ্ষৰ জুলাই মাহত একেটা ৰাছিয়াৰ উৎক্ষেপণ স্থানৰ পৰা এটা উপগ্ৰহ উৎক্ষেপণ কৰিছে।
অৱশ্যে পশ্চিমীয়া দেশসমূহে বেলিষ্টিক মিছাইল ব্যৱস্থাতো উপগ্ৰহ উৎক্ষেপণ প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা যাব বুলি উদ্বেগ প্ৰকাশ কৰিছে। ইৰানে এই অভিযোগ নাকচ কৰি পুনৰ কয় যে তেওঁলোকৰ মহাকাশ কাৰ্যসূচী শান্তিপূৰ্ণ আৰু ইৰাণে পাৰমাণৱিক অস্ত্ৰ আহৰণৰ বাবে বিচৰা নাই।
हिन्दुस्थान समाचार / অৰৱিন্দ