
নতুন দিল্লী, ২৯ ডিচেম্বৰ (হি.স.)। খনন আৰু উৎপাদন খণ্ডত শক্তিশালী প্ৰদৰ্শনৰ ফলত ভাৰতৰ উদ্যোগিক উৎপাদন বৃদ্ধিৰ হাৰ নৱেম্বৰ মাহত দুবছৰৰ সৰ্বোচ্চ ৬.৭ শতাংশত উপনীত হয়। এই উৎপাদনৰ হাৰ ২০২৪ চনত ৫ শতাংশ হাৰত বৃদ্ধি পাইছিল। পূৰ্বতে ২০২৩ চনৰ নৱেম্বৰ মাহত ঔদ্যোগিক উৎপাদনৰ সৰ্বোচ্চ মাত্ৰা ১১.৯ শতাংশ ৰেকৰ্ড কৰা হৈছিল।
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে সোমবাৰে তথ্য প্ৰকাশ কৰি কয় যে যোৱা মাহত প্ৰকাশ পোৱা অস্থায়ী অনুমান ০.৪ শতাংশৰ তুলনাত অক্টোবৰ মাহৰ আই আই পি বৃদ্ধি ০.৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে। চৰকাৰী তথ্য অনুসৰি নৱেম্বৰ মাহত উৎপাদন খণ্ডৰ উৎপাদন ৮ শতাংশ বৃদ্ধি পাইছে, যিটো বছৰৰ আগৰ একে মাহত ৫.৫ শতাংশ আছিল।
এন এছ অ’ৰ তথ্য অনুসৰি ২০২৪ চনৰ নৱেম্বৰ মাহত ১.৯ শতাংশৰ তুলনাত নৱেম্বৰ মাহত খনন খণ্ডৰ উৎপাদনো ৫.৪ শতাংশ বৃদ্ধি পাইছে। কিন্তু যোৱা মাহত বিদ্যুৎ উৎপাদনৰ প্ৰদৰ্শন দুৰ্বল হৈয়েই আছে। যোৱা বছৰৰ একে সময়ছোৱাত ৪.৪ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে নৱেম্বৰ মাহত বিদ্যুৎ উৎপাদন ১.৫ শতাংশ হ্ৰাস পাইছে।
মন্ত্ৰালয়ৰ মতে, ঔদ্যোগিক উৎপাদন জুখি নৱেম্বৰ মাহৰ ঔদ্যোগিক উৎপাদন সূচকাংক (আই আই পি)ৰ তথ্যৰ উন্নতিয়ে ইংগিত দিয়ে যে বিশেষকৈ উৎপাদন আৰু খননৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত ঔদ্যোগিক কাৰ্যকলাপে পুনৰ গতি লাভ কৰিছে। চি এছ অ’ৰ মতে এই বৃদ্ধিৰ মূলতে আছিল মৌলিক ধাতু আৰু নিৰ্মিত ধাতুৰ সামগ্ৰী, ঔষধ আৰু মটৰ গাড়ী নিৰ্মাণ।
हिन्दुस्थान समाचार / অৰৱিন্দ