প্ৰতিকূল বতৰৰ বাবে ইণ্ডিগোৰ আজি সমগ্ৰ নেটৱৰ্কত ৮০খন বিমান বাতিল
নতুন দিল্লী, ২৯ ডিচেম্বৰ (হি.স.)। ঘন কুঁৱলী আৰু প্ৰচণ্ডী শীতে দেশৰ অধিকাংশ অঞ্চল আগুৰি ধৰিছে। কুঁৱলীৰ ফলত দৃশ্যমানতা যথেষ্ট হ্ৰাস পাইছে, যাৰ ফলত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আই জি আই)কে ধৰি কেইবাটাও বিমানবন্দৰৰ বিমান সেৱাত প্ৰভাৱ পৰ
इंडिगो एयरलाइन के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ২৯ ডিচেম্বৰ (হি.স.)। ঘন কুঁৱলী আৰু প্ৰচণ্ডী শীতে দেশৰ অধিকাংশ অঞ্চল আগুৰি ধৰিছে। কুঁৱলীৰ ফলত দৃশ্যমানতা যথেষ্ট হ্ৰাস পাইছে, যাৰ ফলত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় (আই জি আই)কে ধৰি কেইবাটাও বিমানবন্দৰৰ বিমান সেৱাত প্ৰভাৱ পৰিছে। ঘৰুৱা বিমান সংস্থা ইণ্ডিগোৱে সোমবাৰে “প্ৰতিকূল বতৰ”ৰ কথা উল্লেখ কৰি বিভিন্ন বিমানবন্দৰত ৮০খন বিমান সেৱা বাতিল কৰে ।

বিমান সংস্থাটোৰ ৱেবছাইট অনুসৰি মুম্বাই, বেংগালুৰু, কোচিন, হায়দৰাবাদ, কলকাতা, অমৃতসৰ, চণ্ডীগড়, জয়পুৰ, ডেৰাডুন, ইন্দোৰ, পাটনা, আৰু ভোপালকে ধৰি অন্যান্য বিমানবন্দৰলৈ অহা-যোৱা কৰা বিমান সেৱাও বাতিল কৰা হৈছে। শীতকাল আৰু ঘন কুঁৱলীই ভাৰতৰ আকাশত ধুৱলী কুৱলী হৈ পৰিছে, যাৰ ফলত ইণ্ডিগোৱে নিজৰ ঘৰুৱা নেটৱৰ্কত ৮০খন বিমান বাতিল কৰিবলগীয়া হৈছে, যাৰ ফলত হাজাৰ হাজাৰ যাত্ৰীৰ ভ্ৰমণ পৰিকল্পনাত ব্যাঘাত জন্মিছে। কুঁৱলী আৰু শীত লহৰৰ বাবে ইণ্ডিগোৱে ট্ৰেভেল এডভাইজাৰী জাৰি কৰিছে। যাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে যে দিল্লী আৰু উত্তৰ ভাৰতৰ কেইবাটাও বিমানবন্দৰত কুঁৱলীৰ প্ৰকোপ অব্যাহত আছে, আৰু দৃশ্যমানতাৰ সম্পূৰ্ণ উন্নতি হোৱা নাই। ফলস্বৰূপে পূৰ্বে অনুভৱ কৰা বিমানৰ গতিবিধিৰ ওপৰত প্ৰভাৱ বিয়লিলৈকে চলি থকাৰ সম্ভাৱনা থাকে, আৰু কিছু পলম হ’ব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande