বাংলাদেশৰ কক্স বজাৰৰ টেকনাফৰ ৰহিংগীয়া শিবিৰত অগ্নিকাণ্ড
ঢাকা, ২৯ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ এটা ৰোহিংগীয়া শিবিৰত দেওবাৰে নিশা অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি পোৱাৰ সময়লৈকে ২০-২৫টা ঘৰ ছাইলৈ পৰিণত হৈছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে। এই অগ্নিকাণ্ডৰ কাৰণ মোবা
10c06bf913e1f674bb66a06f88999774_258248849.jpg


ঢাকা, ২৯ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ এটা ৰোহিংগীয়া শিবিৰত দেওবাৰে নিশা অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি পোৱাৰ সময়লৈকে ২০-২৫টা ঘৰ ছাইলৈ পৰিণত হৈছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে। এই অগ্নিকাণ্ডৰ কাৰণ মোবাইল ফোনৰ চাৰ্জাৰ বিস্ফোৰণ হোৱা বুলি সন্দেহ কৰা হৈছে। কক্স বজাৰৰ টেকনাফত সংঘটিত হয় এই ঘটনা।

এই তথ্য প্ৰকাশ কৰিছে ঢাকা ট্ৰিবিউন কাকতে। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে জুই নিৰ্বাপনৰ প্ৰচেষ্টা আৰম্ভ কৰে। এই ঘটনাত কমেও ২০-২৫টা ঘৰ জ্বলি যায়। দেওবাৰে নিশা প্ৰায় ১০:৩০ বজাত হানিলা ইউনিয়নৰ লেডা আৰু আলিখালি অঞ্চলৰ ২৪-২৫ নং ৰোহিংগীয়া কেম্পত সংঘটিত হয় এই ঘটনা।

টেকনাফৰ লেডা ডেভেলপমেণ্ট মেনেজমেণ্ট কমিটীৰ অধ্যক্ষ মহম্মদ আলমে এই কাণ্ডৰ প্ৰায় দুঘণ্টাৰ পিছত কয় যে, কিছুমান লোকে খবৰ দিছে যে ফাতিমা আখতাৰৰ ঘৰত মোবাইল ফোন চাৰ্জাৰ বিস্ফোৰণ হোৱাৰ ফলত জুই আৰম্ভ হৈছিল। আমি সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছো। অগ্নিনিৰ্বাপক বাহিনীৰ লোকেও কাম কৰি আছে।

লেডা ৰোহিংগীয়া শিবিৰৰ বাসিন্দা ছায়েদ আলমে কয় যে, কেম্পটোৰ কেইবাটাও ঘৰত হঠাতে জুই লাগিছে। আমিও অগ্নিনিৰ্বাপক বাহিনীৰ লগতে জুই নিৰ্বাপনৰ চেষ্টা চলাইছো। ইফালে ইতিমধ্যে ২৫-৩০টাতকৈও অধিক ঘৰ জ্বলি গৈছে। এই সময়ত জুই নিৰ্বাপিত হোৱা নাই। নূৰ আকাম মহম্মদ আলমে কয়, আমাৰ শিবিৰৰ এটা জুপুৰিত জুই লাগিল। লগে লগে আমি সকলোৱে একেলগে জুই নুমুৱাবলৈ চেষ্টা কৰিলোঁ। আমি সকলোৱেই উচ্চ শিখাৰ সন্মুখত অসহায় হৈ পৰিলোঁ। অগ্নিনিৰ্বাপক বাহিনীৰ লোকে এতিয়া জুই নিৰ্বাপনৰ চেষ্টা চলাইছে।

ঘটনা সন্দৰ্ভত ১৬ নং সশস্ত্ৰ আৰক্ষী বেটেলিয়নৰ অধিনায়ক অতিৰিক্ত উপ-মহাপৰিদৰ্শক মহম্মদ কৌছাৰ ছিকদাৰে কয় যে, আলিখালী আৰু লেডা ৰোহিংগীয়া শিবিৰৰ মাজৰ অঞ্চলত ঘৰত জুই লাগিছে। সকলো ক্ষতিগ্ৰস্ত বাসিন্দাই একেলগে জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে। অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande