
গোলাঘাট, ২৭ ডিচেম্বৰ (হি.স.): এক আতংকময় পৰিবেশে বিৰাজ কৰিছে বৃহত্তৰ দেৰগাঁও। দেৰগাঁৱৰ দাধৰা বাৰেঘৰীয়াত পুনৰ বাঘৰ সন্ত্ৰাস বিৰাজ কৰিছে । বাঘৰ আতংকত বিনিদ্ৰ ৰজনী পাৰ কৰিছে গাঁৱৰ ৰাইজে। আজি কেইবাদিন ধৰি দেৰগাঁৱৰ দাধৰাৰ বাৰেঘৰীয়া গাঁৱত বাঘে ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰি আহিছে।
আতংকিত ৰাইজে বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কঠোৰ দাবী জনাইছে। বাঘৰ খবৰ ওলোৱাত ৰাইজ গভীৰ চিন্তাত পৰিছে। প্ৰত্যেক নিশাই বৃহত্তৰ দেৰগাঁৱৰ কৰবাত নহয় কৰবাত ভক্ষণ কৰে পোহনীয়া জন্তু। ইফালে বাঘ পিঞ্জৰাবদ্ধ কৰাৰ অপ্ৰাণ চেষ্টা চলাই গৈছে বন বিভাগৰ লোকসকলে ।প্ৰত্যেক নিশা বিভিন্ন স্থানত স্থাপন কৰে পিঞ্জৰা যদিও সফল হোৱা নাই বন বিভাগ।উজাগৰে নিশা অতিবাহিত কৰিব লগা হৈছে দেৰগাঁও বাসী ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ