
যোৰহাট, ২৭ ডিচেম্বৰ (হি.স.): যোৰহাটত ব্ৰহ্মপুত্ৰ নদীত চলিছে বালিৰ বৃহৎ ছিণ্ডিকেট । বিশেষকৈ উত্তৰ পশ্চিম যোৰহাটত বন বিভাগক মেনেজ কৰি নৈপৰীয়া জনসাধাৰণৰ জীৱনক ভেঙুচালি কৰি অবৈধভাৱে বালিৰ অবাধ খনন চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে। মথাউৰীৰ নিচেই কাষতে দিনে নিশাই চলিছে ফগলেণ্ডে বালি খনন। নদীত ফগলেণ্ডে বালি খনন কৰা নিষিদ্ধ যদিও যোৰহাট আঞ্চলিক বন বিষয়া গৰাকীয়ে ইয়াৰ ব্যৱস্থা লোৱাৰ পৰিবৰ্তে দালালি আৰু মেনেজ মাষ্টৰৰ ভূমিকাত অৱতীৰ্ণ হৈ নিজৰ পকেট গৰম কৰি ৰাখিছে বুলিও অভিযোগ উঠিছে।
ইফালে ব্ৰহ্মপুত্ৰ খননৰ বিৰোধিতা কৰাৰ বাবেই আজি জীৱনৰ প্ৰতি ভাবুকি আহিছে পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েঙৰ । ব্ৰহ্মপুত্ৰৰ এই অবৈধ বালি খনন শীঘ্ৰে বন্ধ দাবীত যাদৱ পায়েঙে যোৰহাট আয়ুক্ত কাৰ্যলয়ৰ সন্মুখত আমৰণ অনশন কৰিবলৈ ওলাইছে। উল্লেখ্য় যে বাঘ ধৰিব নোৱাৰি বাঘৰ খোজত চাকি বন্তি লগাই পূজাকৰি অভিলেখ গঢ়া যোৰহাট আঞ্চলিক বন বিষয়া গৰাকীৰ কৰ্মকাণ্ডত লৈ অসন্তুষ্ট সচেতন মহল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ