শিৱসাগৰ চহৰৰ সমীপৰ দিচাংমুখ দুই নং মঠাদাং গাঁৱত কুলাংগাৰ পুত্ৰৰ মাতৃক প্ৰহাৰ
শিৱসাগৰ চহৰৰ সমীপৰ দিচাংমুখ দুই নং মঠাদাং গাঁৱত চৰম অমানৱীয়, জঘন্য কাণ্ড।
শিৱসাগৰ চহৰৰ সমীপৰ দিচাংমুখ দুই নং মঠাদাং গাঁৱত কুলাংগাৰ পুত্ৰৰ মাতৃক প্ৰহাৰ


শিৱসাগৰ, ২৭ ডিচেম্বৰ (হি.স.): শিৱসাগৰ চহৰৰ সমীপৰ দিচাংমুখ দুই নং মঠাদাং গাঁৱত যোৱা কালি শুকুৰবাৰে সন্ধিয়া সংঘচিত হয় চৰম অমানৱীয়, জঘন্য কাণ্ড। কুলাংগাৰ পুত্ৰই গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি হাত ভাঙিলে মাতৃৰ। চাহাৰা বেগম নামৰ মহিলা গৰাকীক গুৰুলা গুৰুলকৈ মাৰপিট কৰিলে পুত্ৰ চিবুল আলি (৩০)য়ে ।

চাহাৰা বেগমে জুৱা খেলিবলৈ টকা নিদিয়াৰ বাবেই কাঠৰ অস্ত্ৰৰে প্ৰহাৰ কৰিলে পাশান পুত্ৰ চিবুল আলিয়ে। পুত্ৰ চিবুল আলিৰ প্ৰহাৰত চাহাৰা বেগমে কঁকাল, পিঠি, বুকু আদিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ উপৰিও ভাগিল বাওঁ-হাত। ফলত গুৰুতৰভাৱে আহত চাহাৰা বেগম বৰ্তমান চিকিৎসাধীন হৈ আছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত । অভিযোগ অনুসৰি বৰপুত্ৰ চিবুল আলিয়ে ঘৰৰ গোহালিৰ গৰু বিক্ৰী হ'লেও জুৱা খেলিবলৈ টকা দিবলৈ হেঁচা দিছিল মাতৃ চাহাৰা বেগমক। মাতৃ মান্তি নোহোৱাৰ বাবেই ঘৰত আন কোনো নথকা অৱস্থাত উগ্ৰমূৰ্তি ধৰি মাৰপিট কৰে মাতৃক।

ঘটনা সন্দৰ্ভত চিবুল আলিৰ বিৰুদ্ধে দিচাংমুখ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ আন সদস্যই। উল্লেখ্য যে দীৰ্ঘদিনৰে পৰা শিৱসাগৰ দুই নং মথাদাং গাঁৱত জুৱাৰ আড্ডা চলি অহাৰ অভিযোগ উঠিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande