অবৈধভাৱে বেঁ‌কী নদীত বৃহৎ বান্ধ দি অবৈধ খনন
অবৈধভাৱে বেঁ‌কী নদীত বৃহৎ বান্ধ দি চলাব খনন।
অবৈধভাৱে বেঁ‌কী নদীত বৃহৎ বান্ধ দি অবৈধ খনন


বাক্সা ২৭ ডিচেম্বৰ (হি.স.): বাক্সা জিলাৰ এলেঙামাৰীত গৰাখহনীয়া প্ৰতিৰোধী জিঅ' বেগৰ ওপৰতে চলিছে ভয়ংকৰ কাৰবাৰ । একাংশ শিল-বালি মাফিয়াৰ সন্ত্ৰাসত এতিয়া কেৱল উচুপিছে বেঁ‌কী নৈয়ে । শিল-বালি মাফিয়া চক্ৰই বেঁ‌কী নৈক বৃহৎ বান্ধেৰে ভেটা দি চলাই গৈছে এই খনন । নৈ পৰীয়া ৰাইজ তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি তীব্ৰ ভাবুকি সৃষ্টি কৰিব অবৈধ এই বান্ধটোৱে। গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে কোটি কোটি টকা খৰছ কৰি চৰকাৰে যদিও জিঅ’ বেগৰ বান্ধ দিছে কিন্তু, জিঅ’ বেগৰ ওপৰে লৈ গৈছে এস্কেভেটৰ, ককলেণ্ড।

অবৈধ খননৰ ফলত পুনৰ গৰাখহনীয়াই নিশেষ কৰাৰ ভয়ত আতংকিত এতিয়া নৈ পৰীয়া ৰাইজ । ইতিমধ্যে হাজাৰ হাজাৰ খেতি, বাসগৃহ, বিদ্যালয়, মন্দিৰ-মছজিদ জাহ গৈছে বেঁ‌কীৰ বুকুত । সকলোবোৰ দেখিও চকু মুদা কুলিৰ ভাওত বাক্সা জিলা বন বিভাগ, আৰক্ষী-প্ৰশাসন, পৰিবহন বিভাগ কিম্বা দল সংগঠন ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande