
বাক্সা, ২৭ ডিচেম্বৰ (হি.স.): মুছলমানৰ নিৰাপত্তাৰ দাবীকে ধৰি ৰাজ্যৰ বিভিন্ন সমস্যা লৈ দিল্লীত প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থা চমুকৈ মুছাই। মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে হুংকাৰ দি কয় মুছলমানৰ নিৰাপত্তাৰ দাবীত দিশপুৰৰ পৰা দিল্লীলৈকে প্ৰতিবাদ কৰিব মুছাই। পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি হুংকাৰ দিয়ে মুছলিম ছাত্ৰ সন্থাই । যিসকল ব্যক্তিক উচ্ছেদ কৰিছে সেই সকল সকলোৱে ভাৰতীয় ভূমিহীন নাগৰিক। প্ৰথমতে তেওঁলোকক ভূমিৰ আৱন্টন দিয়ক আৰু পিছত উচ্ছেদ কৰক এই বুলি মন্তব্য প্ৰদান কৰে মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে। অহা ২৯ ডিচেম্বৰত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰিব মুছলিম ছাত্ৰ সন্থা অসমে।
আনহাতে বাংলাদেশৰ লগত ভাৰতে অৰ্থনৈতিক অবৰোধ কৰাৰ দাবী কৰে মুছলিম ছাত্ৰ সন্থাই। অসম চুক্তিমতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা লোকসকল অসমৰ পৰা যাবই লাগিব বুলি মন্তব্য কৰে মুছাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে । মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনায় মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আশ্বিক ৰাব্বানীয়ে । লগতে বাংলাদেশৰ লগত অৰ্থনৈতিক অবৰোধ কৰাৰো হুংকাৰ দিছে মুছলিম ছাত্ৰ সন্থা, অসম (মুছা)ই । ইফালে জুবিন গাৰ্গৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাচীৰ দাবী তুলিছে মুছাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ