
গোলাঘাট, ২৭ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ বোকাখাতত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা শোচনীয় হৈ পৰিছে। পথৰ ওপৰত হোৱা বৃহৎ বৃহৎ গাঁতে জ্বলাকলা খোৱাইছে এই পথেদি যাতায়ত কৰা সৰু-বৰ যান বাহনক । নিতৌ এই খলাবমা পথেদি পাৰহৈ যায় ৰজাঘৰীয়াৰ বহু ভিভি আই পি বাহন। কিন্তু কাৰো চকু নপৰে পথৰ ওপৰত হোৱা পুখুৰী সদৃশ গাঁতসমূহ।
ইফালে নিশা হ'লে গাড়ীৰ চকা গাঁতত পৰি হোৱা বিকট শব্দই টোপনিত ব্য়াঘাত জন্মায় পথৰ কাষত থকা লোকসকলক। বোকাখাতৰ বিভিন্ন ঠাইত ইতিমধ্যে দূৰ্ঘটনাত বহু লোকে প্ৰাণ হেৰুৱাইছে। বিশেষকৈ ফ'ৰলেনৰ অভাৱ আৰু বেয়া ৰাস্তা ইয়াৰ মুখ্য কাৰণ। স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ ঘৰৰ নিচেই ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হোৱা এই বৃহৎ গাঁতসমূহ মাহ মাহ ধৰি পথটি মেৰামতি নকৰাত স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী অতুল বৰাৰ ওপৰত ক্ষোভ উজাৰিলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ