
ধুবুৰী, ২৭ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী আৰু চিআৰপিএফ বাহিনীয়ে যোৱা কালি শুকুৰবাৰে সন্ধিয়া ড্ৰাগছ বিৰোধী অভিযান চলায়।শ্যামচৰণেৰ কুটি গাঁৱত গৌৰীপুৰ আৰক্ষী আৰু ৪৮নং চিআৰপিএফ বাহিনীয়ে এই যৌথ অভিযান চলাইছিল।
অভিযানত ড্ৰাগছসহ আটক হয় এজন সৰবৰাহকাৰী। ধৃত সৰবৰককাৰীটো শ্যামচৰণেৰ কুটি গাঁৱৰ আমিনুৰ ইছলাম বুলি পৰিচয় পোৱা গৈছে ।সৰবৰাহকাৰীটো পৰা ড্ৰাগছ ভৰ্তি ৮০টা কইণ্টাইনাৰ আৰু এটা চাধাৰ টেমা জব্দ কৰে। ড্ৰাগছ খিনিৰ ওজন প্ৰায় ৮.৪৭ গ্ৰাম বুলি কোৱা হৈছে । অধিক তথ্যৰ বাবে সৰবৰাহকাৰীটোক থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ