
চিৰাং, ২৭ ডিচেম্বৰ (হি.স.)। আজিৰ পৰা আৰম্ভ হৈছে চিৰাং জিলাৰ আই নৈৰ হাগ্ৰামা দলঙত আই ৰিভাৰ ফেষ্টিভেল। আজিৰ পৰা ১২ দিনীয়াকৈ দৈজিং ফেষ্টিভেল স্থলীতে অনুষ্ঠিত হ’ব আই ৰিভাৰ ফেষ্টিভেল ।
আজি আই ৰিভাৰ ফেষ্টিভেলৰ শুভাৰম্ভ কৰে বিটিচিৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, কাৰ্য্যবাহী সদস্য ধীৰাজ বৰগয়াৰী, জিলা আয়ুক্ত যতীন বৰা সহ অন্যান্য আমন্ত্ৰিত অতিথি সকলে । উল্লেখ্য যে যোৱা ৫ বছৰ বিটিচিত ইউপিপিএলৰ শাসনকালত অনুষ্ঠিত হোৱা নাছিল দৈজিং ফেষ্টিভেল । কিন্তু যোৱা পৰিষদীয় নিৰ্বাচনত হাগ্ৰামা মহিলাৰীয়ে বিপিএফ আহিলে দৈজিং ফেষ্টিভেল অনুষ্ঠিত হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল।
এই ফেষ্টিভেলত আধুনিক মিনা বজাৰ, মেলা, এক্সপো, হস্থতাত বস্ত্ৰ শিল্প বিপনীকে আদি থলুৱা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী আৰু বিপনী থাকিব বুলি জনায় আয়োজক সমিতিয়ে। ইয়াত হাতী ছাফাৰী, ঘোৰা ছাফাৰী, হট এয়াৰ বেলুন থকাৰ উপৰি প্ৰতিনিশাই অনুষ্ঠিত হ’ব থলুৱা শিল্পিৰ সাংস্কৃতিক অনুষ্ঠান।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা