ৰতনপুৰ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ
পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ক্ষোভিত ৰাইজৰ।
ৰতনপুৰ গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ


হাইলাকান্দি, ২৭ ডিচেম্বৰ (হি.স.): ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত স্বচ্ছতাৰ দাবী উত্থাপন হৈ থকাৰ সময়তে এইবাৰ ৰতনপুৰ গাঁও পঞ্চায়তত পোহৰলৈ আহিছে ব্যাপক দুৰ্নীতিৰ তথ্য। পঞ্চায়তখনৰ সভাপতি আমিৰ হুছেইনৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ। শেহতীয়াকৈ অনুষ্ঠিত হোৱা এখন গ্ৰাম সভাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা।

ৰতনপুৰ গাঁও পঞ্চায়তৰ একাংশ ৰাইজৰ অভিযোগ অনুসৰি, পঞ্চায়ত সভাপতি আমিৰ হোসেনে কোনো চৰকাৰী নীতি-নিৰ্দেশনা মানি নচলাকৈয়ে পৰিচালনা কৰিছে পঞ্চায়তৰ কাম-কাজ। আনকি শেহতীয়া গ্ৰাম সভাখনত কোনো মহিলা প্ৰতিনিধিৰ উপস্থিতি অবিহনে আৰু চৰকাৰী নীতি উলংঘা কৰি সভা অনুষ্ঠিত কৰাক লৈ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। অভিযোগ অনুসৰি, নীতি-বহিৰ্ভূতভাৱে গ্ৰাম সভা অনুষ্ঠিত কৰি চৰকাৰী ধনৰ অপব্যৱহাৰ কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। ৰতনপুৰ গাঁৱৰ সাধাৰণ ৰাইজে ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ আৰু পঞ্চায়তখনক দুৰ্নীতিমুক্ত কৰিবলৈ কাতৰ আহ্বান জনাইছে।

অভিযুক্ত সভাপতি আমিৰ হুছেইনৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ভুক্তভোগী ৰাইজে। গাঁওবাসীৰ স্পষ্ট সকীয়নী— যদিহে শীঘ্ৰে দুৰ্নীতিৰ তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰা নহয়, তেন্তে আগন্তুক দিনত তেওঁলোকে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande