
নতুন দিল্লী, ২৬ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা ভাৰতৰ সংবিধান সন্থালি ভাষাত প্ৰকাশৰ প্ৰশংসা কৰিছে। ইয়াৰ দ্বাৰা সংবিধান সন্দৰ্ভত সজাগতা বৃদ্ধিৰ লগতে গণতান্ত্ৰিক অংশগ্ৰহণ সুদৃঢ় হ’ব বুলিও তেওঁ কয়।
ৰাষ্ট্ৰপতিৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে কয় যে, এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা। সন্থালি ভাষাত সংবিধানে সাংবিধানিক সজাগতা আৰু গণতান্ত্ৰিক অংশগ্ৰহণ গভীৰ কৰিব। সন্থালি সংস্কৃতি আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত সন্থালী সম্প্ৰদায়ৰ অৱদানৰ বাবে ভাৰত গৌৰৱান্বিত।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ সংবিধানখন আনুষ্ঠানিকভাৱে সন্থালি ভাষাত প্ৰকাশ কৰে। সংবিধানখন সন্থালি ভাষাৰ আলচিকি লিপিত প্ৰকাশ কৰা হৈছে। ভাৰতৰ প্ৰাচীন জীৱন্ত ভাষাৰ ভিতৰত অন্যতম হৈছে সন্থালি ভাষা। সংবিধানৰ ৯২ সংখ্যক সংশোধনী আইন, ২০০৩ৰ জৰিয়তে ইয়াক অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল।এই ভাষাটো মূলতঃ ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, আৰু বিহাৰৰ এক বৃহৎ জনজাতীয় সম্প্ৰদায়ৰ মাজত প্ৰচলিত।
हिन्दुस्थान समाचार / অৰৱিন্দ