
নতুন দিল্লী, ২৬ ডিচেম্বৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সোণ আৰু ৰূপৰ মূল্যৰ উৰ্ধমুখী ধাৰা অব্যাহত আছে। আজি প্ৰতি ১০ গ্ৰাম সোণৰ দৰ ৩০০ টকাৰ পৰা ৩২০ টকা বৃদ্ধি পায়। আনহাতে ৰূপৰ প্ৰতি কিলোগ্ৰামত ১০০ টকা বৃদ্ধি পায়। সোণৰ এই উত্থানৰ বাবে দেশৰ অধিকাংশ অলংকাৰ বজাৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দৰ ১,৩৯,২৬০ টকাৰ পৰা ১,৩৯,৪১০ টকাৰ ভিতৰত দেখা গৈছে। একেদৰে ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৭,৬৬০ টকাৰ পৰা ১,২৭,৮১০ টকাৰ ভিতৰত। ৰূপৰ দাম সামান্য বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৩৪,১০০ টকা হৈছেগৈ।
দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৯,৪১০ টকা, আনহাতে ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৭,৮১০ টকা। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৩৯,২৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৭,৬৬০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৯,৩১০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,২৭,৭১০ টকা।
हिन्दुस्थान समाचार / অৰৱিন্দ