
কোকৰাঝাৰ, ২৪ ডিচেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ কচুগাওঁ ভৰতনগৰ খেলপথাৰত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ কচুগাওঁ আঞ্চলিক সমিতিৰ উদ্যোগত যোৱা কালি মঙ্গলবাৰে বিয়লি ২০১৪ চনত গোষ্ঠীগত সংৰ্ঘষত নিহত লোক সকলোক সুৱৰি ১১ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰে । উল্লেখ্য যে ২০১৪ চনৰ ২৩ ডিচেম্বৰ অৰ্থাৎ কালিৰ দিনটোত অসমৰ কোকৰাঝাৰ জিলাৰ কচুগাওঁ, লুংচুং, সৰলপাৰা (উল্টাপানী) আৰু সেৰফাংগুৰী (পাক্ৰীগুৰী) গাঁৱত সন্ধিয়া ৫:০০ টা বজাত এডিএফবি (সংবিজিত) গোটে নীৰিহ লোকক গুলিয়াই হত্যা কৰিছিল।
আনহাতে শোণিতপুৰ জিলাৰ বিশ্বনাথ চাৰিআলিৰ নিকটৱৰ্তী সোণাজুলী, ফুলবাৰি, তিনিচুটি আৰু ঢেকীয়াজুলিৰ নিকটৱৰ্তী বাতাচীপুৰ ইত্যাদি ঠাইত এডিএফবি (সংবিজিত) উগ্ৰপন্থী গোটে আদিবাসী চাঁওতাল জনগোষ্ঠীৰ ঘৰ বাৰী ভাঙি জ্বলাই দি আই-মাতৃ, কণ কণ শিশু সকলক নৃশংস ভাবে হত্যা কৰিছিল। তেখেতসকলক সুঁৱৰি অনুষ্ঠানত চাওঁতাল ছাত্ৰ সন্থাৰ উপ সভাপতি দূৰ্গা সৰেন উপস্থিত থাকি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। লগতে নিহত লোকৰ পৰিয়ালক অসম চৰকাৰ আৰু বিটিচি চৰকাৰক সহায় আগবঢ়োৱাৰ আহ্বান জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ