
কাছাৰ, ২৪ ডিচেম্বৰ (হি.স.)। বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা নিৰ্যাতন, অত্যাচাৰ আৰু হত্যাৰ বিৰুদ্ধে সীমান্ত জিলা শ্ৰীভূমিত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশত হিন্দু দিপু চন্দ্ৰ দাসক জীৱিত অৱস্থাত জ্বলোৱা কাৰ্যৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে মশাল জ্বলাই শোভাযাত্ৰা বাহিৰ কৰে।
শ্ৰীভূমিৰ এন অ’ চি পইণ্টৰ পৰা আৰম্ভ হয় এই শোভাযাত্ৰা। আৰু ভাৰত-বাংলাদেশ সীমান্তৰ কুছিয়াৰা নদীৰ পাৰৰ কালিবাৰী বিসৰ্জন ঘাটত ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰি শোভাযাত্ৰাৰ অন্ত পৰিল। এই প্ৰতিবাদী শোভাযাত্ৰাত প্ৰতিবাদকাৰীসকলে বাংলাদেশৰ মৌলবাদীৰ বিৰুদ্ধে সৰ্ব হৈ পৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ