
ধুবুৰী, ২৪ ডিচেম্বৰ (হি.স.): বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ প্ৰতিবাদত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া হিন্দু যুৱ সমাজে আগমনিৰ হালাকুৰাত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি বাংলাদেশ চৰকাৰৰ মূখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰে । ওঠৰ ডিচেম্বৰত বাংলাদেশত সংখ্যালঘু হিন্দু যুৱক দীপু চন্দ্ৰ দাসক গছত ওলমাই জীৱন্তে জ্বলাই দিয়াৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰে।
প্ৰতিবাদী সকলে হালাকুৰা দীপ চিনেমা হলৰ সমীপত প্ৰতিবাদকাৰী সকল ধৰ্মৰ নামত হিংসা বন্ধ কৰক, বাংলাদেশত সংখ্যালঘুৰ হত্যাকাণ্ড বন্ধ কৰক, ভাৰত চৰকাৰ জাগ্ৰত হওঁক, বাংলাদেশৰ সংখ্যালঘুৰ কাষত থিয় হওঁক , জাষ্টিচ ফৰ দীপু দাস আদি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰে। প্ৰতিবাদকাৰী সকলে সমদল কৰি আহি হালাকুৰা বজাৰত মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অতিশীঘ্ৰে বাংলাদেশক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰত চৰকাৰক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ