

মৰিগাঁও, ২৪ ডিচেম্বৰ (হি.স.)। মৰিগাঁও আৰক্ষীৰ অভিযানত লাহৰীঘাটৰ পৰা আটক কৰা হৈছে দুই চাইবাৰ অপৰাধী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই চাইবাৰ অপৰাধী দেৱাগুৰিৰ নুৰ হুছেইন আৰু কছাৰীবৰিৰ মফিজুৰ ৰহমান বুলি পৰিচয় পোৱা গৈছে । ধৃত চাইবাৰ অপৰাধী নুৰ হুছেইন এটা চিএছপিৰ স্বত্বাধিকাৰী।
দুয়ো বহি ৰাজ্যৰ কেইবাটাও অনলাইনত লোণ দিয়া বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ভুৱা নথিৰে বহু লক্ষ্য টকা হৰলুকি কৰিছিল। নুৰ হুছেইন আৰু মফিজুৰ ৰহমানৰ পৰা আৰক্ষীয়ে বিভিন্ন নথি পত্ৰ, লেপতপ আৰু মোবাইল ফোন জব্দ কৰিছে। মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত গ্ৰেপ্তাৰ কৰি দুয়োকে বৰ্তমান আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত জেৰা অব্যাহত ৰাখিছে।
---------------
হিন্দুস্থান সমাচাৰ / Narayan Kar