মৰিগাঁও বৰঙাবাৰীত মঙলবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা
মৰিগাঁও বৰঙাবাৰীত মঙলবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা,
মৰিগাঁও বৰঙাবাৰীত মঙলবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা,


মৰিগাঁও বৰঙাবাৰীত মঙলবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা,


মৰিগাঁও, ২৪ ডিচেম্বৰ (হি.স.)। মৰিগাঁও জিলাৰ বৰঙাবাৰীত মঙলবাৰে নিশা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বন্ধু। নিহত দুই বন্ধু ক্ৰমে আহঁতগুৰিৰ বিকাশ দাস আৰু কোঁৱৰগাঁৱৰ অনুপম পাটৰ বুলি পৰিচয় পোৱা গৈছে। দুই যুৱকক বৰঙাবাৰী শিৱ মন্দিৰৰ দেৱালৰ কাষত মৃত অৱস্থাত এখন মটৰ চাইকেলৰ সৈতে উদ্ধাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য় যে এএছ ২১ জি ৬৫২৯ নম্বৰ মটৰ চাইকেল খনৰে গৈ থকাৰ অৱস্থাত বৰঙাবাৰী শিৱ মন্দিৰৰ দেৱালত খুন্দা মাৰি দুয়োৰে মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। ছাতনগুৰি আলিচিঙাত অনুষ্ঠিত হৈ থকা নৈশ ভলীবল খেল চাই সেই স্থানৰ পৰা দুয়ো মটৰ চাইকেললৈ ওলাই আহিছিল বুলি জানিবলৈ দিছে পৰিয়ালৰ লোকে।

এই ঘটনাই সমগ্ৰ মৰিগাঁৱতে শোকৰ ছাঁ পেলাইছে ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande