
নলবাৰী, ২৪ ডিচেম্বৰ (হি.স.): নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পাগলাদিয়া পাৰৰ অসমৰ তেজস্বী কণ্ঠ, গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ তদানীন্তন সাধাৰণ সম্পাদক, '৭২ ৰ মাধ্যম আন্দোলনৰ কৰ্ণধাৰ, শ্ৰদ্ধাস্পদ প্ৰসন্ন নাৰায়ণ চৌধুৰী ৩৬ সংখ্যক সদৌ অসম একাংক নাট প্ৰতিযোগিতা অহা ২৮, ২৯ আৰু ৩০ ত নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত হ'ব । ২৮ ডিচেম্বৰ, দেওবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব৷
৩৬ সংখ্যক পি. এন. চি. সদৌ অসম একাংক নাট প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি ভৱজিৎ বেজবৰুৱাৰ সভাপতিত্বত হ'ব লগা উদ্বোধনী অনুষ্ঠানত প্ৰসন্ন নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলক আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, স্মৃতি গ্ৰন্থ উন্মোচন কৰিব নলবাৰী জিলাৰ আয়ুক্ত শ্ৰী নিবেদন দাস পাটোৱাৰী, লগতে বিশিষ্ট অতিথি হিচাপে থাকিব নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱা, নলবাৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বিবেকানন্দ দাস। আমন্ত্ৰিত অতিথি হিচাপে থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদ, নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিতাল এণ্ড ইনষ্টিটিউটৰ অধ্যক্ষ গণেশ তামুলী, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰী কাৰ্যবাহী বিষয়া বিভূ দত্ত।
আনহাতে বিশিষ্ট নাট্যশিল্পী ধ্ৰুৱ বৰ্মনক 'শিল্পী সম্বৰ্ধনা' জনোৱা হ'ব। সন্ধিয়া ৭ বজাত নাট পৰিচালক অনুপজ্যোতি চৌধুৰীয়ে নাট প্ৰতিযোগিতা উদ্বোধন কৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ