
গোলাঘাট, ২৪ ডিচেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত সন্দেহজনক বাংলাদেশী শ্ৰমিক আটক কৰা হৈছে । ৯ জনকৈ সন্দেহজনক নাগৰিকক আটক কৰে স্থানীয় ৰাইজে।
ইফালে উদ্ধাৰ হয় এজন শিশু শ্ৰমিকো। কালি নিশা দেৰগাঁৱত ৯ জনকৈ সন্দেহজনক শ্ৰমিকক আবদ্ধ কৰি থয় ৰাইজে। কোনো ঠিকাদাৰৰ অধীনত কামৰ বাবে অনা হৈছিল শ্ৰমিক কেইজনক। লগত কোনো ধৰণৰ প্ৰমাণ পত্ৰ নথকাত সন্দেহ কৰে স্থানীয় ৰাইজে। মঙ্গলবাৰে নিশা দেৰগাঁও চাৰিআলিৰ সমীপত নৈশ বাছৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত আবদ্ধ কৰি ৰাখে ৰাইজে আৰু পৰৱৰ্তী সময়ত গতাই দিয়ে দেৰগাঁও আৰক্ষীক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ