পাঠশালাৰ মাজমজিয়াত সন্দেহযুক্ত বংগ মূলীয় মুছলমানৰ দুই হিন্দু ব্যক্তিক হত্যাৰ অপচেষ্টা
পাঠশালাৰ মাজমজিয়াত সন্দেহযুক্ত বংগ মূলীয় মুছলমানে হত্যাৰ অপচেষ্টা চলালে দুই হিন্দু ব্যক্তিক৷
পাঠশালাৰ মাজমজিয়াত সন্দেহযুক্ত বংগ মূলীয় মুছলমানৰ দুই হিন্দু ব্যক্তিক হত্যাৰ অপচেষ্টা


নলবাৰী, ২৪ ডিচেম্বৰ (হি.স.): নলবাৰী জিলাৰ পাঠশালাৰ মাজমজিয়াত সন্দেহযুক্ত বংগ মূলীয় মুছলমানে হত্যাৰ অপচেষ্টা চলালে দুই হিন্দু ব্যক্তিক৷ হাত ধুৱলৈ সামান্য পানী ব্যৱহাৰ কৰাৰ বাবে সন্দেহযুক্ত প্ৰায় ১২ গৰাকী বংগ মূলীয় মুছলমানে সংঘটিত কৰিলে এই বৰ্বৰ ঘটনা৷

প্ৰথমে এজন ব্যক্তিক ৰদেৰে আক্ৰমন তাৰ পিছত ডিঙি চেপি হত্যাৰ অপচেষ্টা চলোৱাৰ সময়তে আন এজন হিন্দু ব্যক্তিয়ে বচাৱলৈ যাওঁতে তেওঁকো উপৰ্য্যপুৰি আক্ৰমন কৰে ১২ গৰাকীকৈ সন্দেহযুক্ত বংগ মূলীয় মুছলমান লোকে। সন্দেহযুক্ত বংগ মূলীয় মুছলমানে ইমানতো ক্ষান্ত নাথাকি হিন্দু ব্যক্তি যুৱক দুজনক বিল্ডিং বনাৱলৈ বনাই থকা প্ৰায় ৩০ ফুট দ পিলাৰত (গাঁতত) সোমাই দিয়াৰ চেষ্টা চলাইছিল ৷ স্থানীয় লোকৰ তৎপৰতাত দুই হিন্দু ব্যক্তি গৰাকীৰ প্ৰাণ ৰক্ষা পৰে যদিও উত্তপ্ত হৈ পৰে ঘটনাস্থলী৷ ঘটনাস্থলীত পাঠশালা আৰক্ষী উপস্থিত হৈ ১২ গৰাকী অভিযুক্ত ৭ গৰাকীক পাঠশালা আৰক্ষী থানালৈ লৈ যায় যদিও বাকী কেইগৰাকী এতিয়াওঁ পলাতক অৱস্থাত৷

উল্লেখ্য যে পাঠশালাৰ কানাড়া বেংকৰ সমীপতে ড০ দেৱজিৎ চৌধুৰীয়ে চলাই আছিল বিল্ডিং কঞ্চট্ৰাকচনৰ কাম৷কঞ্চট্ৰাকচনৰ কাম কৰাৰ বাবে চৌধুৰীয়ে নিয়োগ কৰিছিল ১২ জনকৈ মুছলমান ব্যক্তিক৷ কিন্তু চৌধুৰী পৰিয়ালে প্ৰকৃত পৰিচয় নাজানে কাম কৰা ব্যক্তিসকলৰ৷ পাঠশালাৰ নিচিনা ঠাইত পৰিচয় নজনাকৈ কাম কৰিব দিয়া আৰু চহৰৰ মাজমজিয়াৰ দৰে ঠাইত খিলঞ্জিয়া অপদস্থ হ'ব লগা হোৱা ঘটনাই অৱনতি সংকেত মাতি আনিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande