
-জিলা প্ৰশাসনৰ উদ্যোগত বিশেষ অনুষ্ঠানত জিলা আয়ুক্তৰ দ্বাৰা নিযুক্তি পত্ৰ প্ৰদান
-যোগাত্মক দৃষ্টিভংগীৰে জিলাখনৰ বিদ্যায়তনিক উৎকৰ্ষ সাধনত ব্ৰতী হ'বলৈ আহ্বান জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ
-আন্দোলন বৰ্জিত পৰিৱেশ বৰ্তাই ৰখাত গুৰুত্ব জিলা আয়ুক্তৰ
শোণিতপুৰ, ২৩ ডিচেম্বৰ (হি.স.)। শোণিতপুৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খালী হৈ থকা পদৰ বিপৰীতে আজি ২২২ গৰাকী স্নাতক শিক্ষক আৰু ৩৪ গৰাকী স্নাতকোত্তৰ শিক্ষক -শিক্ষয়িত্ৰীক আনুষ্ঠানিকভাৱে শোণিতপুৰ জিলা প্ৰশাসনে নিযুক্তি পত্ৰ প্ৰদান কৰে । শোণিতপুৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত এই উদ্দেশ্যে আয়োজিত এক বিশেষ অনুষ্ঠানত নিযুক্তি লাভ কৰা ২৫৬ গৰাকী শিক্ষক -শিক্ষয়িত্ৰীক মাৰ্গদৰ্শন প্ৰদান কৰে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ।
শোণিতপুৰ জিলা বিদ্যালয় শিক্ষা বিভাগৰ জিলা বিষয়া তথা শোণিতপুৰ জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাস, শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত জেমচ আইন্দকে ধৰি শিক্ষা বিষয়া আৰু জিলা প্ৰশাসনৰ বিষয়া সকল উপস্থিত থকা অনুষ্ঠানটিত নিযুক্তি পত্ৰ বিতৰণ কৰি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে জিলাখনৰ বিদ্যায়তনিক ক্ষেত্ৰৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষক -শিক্ষয়িত্ৰী সকলে সেৱাৰ মনোবৃত্তিৰে শিক্ষকতাত জড়িত হ'বলৈ আহ্বান জনায় ।
জিলা আয়ুক্ত গৰাকীয়ে প্ৰত্যেকগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে কোনো ধৰণৰ ঋণাত্মক দৃষ্টিভংগীৰ বিপৰীতে যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়ি শিক্ষাৰ্থী সকলৰ কল্যাণৰ বাবে সকলো মুহূৰ্ততে সষ্টম হৈ থাকিবলৈ আহ্বান জনোৱাৰ লগতে কিবা অসুবিধাৰ সন্মুখীন হ'লেও আন্দোলন বা প্ৰতিবাদৰ কথা নেভাবি আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।আনহাতে নৱনিযুক্ত প্ৰত্যেকগৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়েই যথেষ্ট মেধা সম্পন্ন সেয়েহে গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰি জিলাখনৰ শৈক্ষিক মানদণ্ড উন্নত কৰিবলৈ আহ্বান জনায় ।
আনহাতে নৱনিযুক্ত শিক্ষক -শিক্ষয়িত্ৰীৰ মাজৰ পৰা একাংশই শিক্ষকতাৰ বাবে সৰুৰে পৰা এক সপোন পুহি ৰখাৰ পিছত সম্পূৰ্ণ স্বচ্ছতাৰে হোৱা চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়াই আমাক উদ্বুদ্ধ কৰি তুলিছে বুলি মন্তব্য কৰি সেই সপোনক সাকাৰ ৰূপ দিবলৈ আমি সম্পূৰ্ণ সেৱাৰ মনোবৃত্তিৰে শিক্ষাদানত জড়িত হোৱাৰ বাবে আজিৰে পৰাই সংকল্প গ্ৰহণ কৰিছোঁ বুলি কয় । আন একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে জিলাখনৰ বিদ্যায়তনিক ক্ষেত্ৰৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।
উল্লেখ্য যে আজিৰ এই নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত জিলাখনৰ তেজপুৰ সমষ্টিৰ বিদ্যালয়ৰ বাবে ৮ গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু ২০ গৰাকী স্নাতক শিক্ষক, ৰঙাপৰা সমষ্টিত ৩ গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু ছাত্ৰৰ ২৮ গৰাকী স্নাতক শিক্ষক, নদুৱাৰ সমষ্টিৰ বাবে ৮ গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু ৬৭ গৰাকী স্নাতক শিক্ষক, ঢেকীয়াজুলি সমষ্টিৰ বাবে ৬ গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু ৬৯ গৰাকী স্নাতক শিক্ষক আৰু বৰছলা সমষ্টিৰ বাবে ৯ গৰাকী স্নাতকোত্তৰ শিক্ষক আৰু ৩৮ গৰাকী স্নাতক শিক্ষকক নিযুক্তি প্ৰদান কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ