
পশ্চিম কাৰ্বি আংলং, ২৩ ডিচেম্বৰ (হি.স.)। ডিফুস্থিত কাৰ্বি আংলঙৰ চিইএম তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। চৰকাৰী বাসভৱনৰ প্ৰৱেশ দুৱাৰত মোতায়ন কৰা হৈছে আৰক্ষী জোৱান। বেৰিকেড লগাই যিকোনো পৰিস্থিতি প্ৰতিৰোধৰ ব্যৱস্থা কৰা গৈছে। পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত চিইএম তুলিৰাম ৰংহাঙৰ পিতৃ গৃহ জ্বলাই দিয়াৰ পিছত আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। বৰ্তমানলৈকে ডিফুত কোনো অপ্ৰীতিকৰ ঘটনাৰ খৱৰ নাই।
উল্লেখ্য যে পশ্চিম কাৰ্বি আংলঙৰ PGR/VGR ভূমি উচ্ছেদৰ দাবীত বিগত ১৬ দিনে খেৰণিৰ ফেলাংপীত কেইবাটাও জাতীয় সংগঠনে অব্যাহত ৰখা অনিৰ্দিষ্টকালীন অনশনথলীৰ পৰা প্ৰতিবাদকাৰীক মাজনিশা আৰক্ষীয়ে উঠাই লৈ গৈছিল। এই প্ৰতিবাদৰ নেতৃত্ব দিয়া লিটছন ৰংফাৰৰ লগতে সাত গৰাকীক অনশনথলীৰ পৰা আৰক্ষীয়ে উঠাই লৈ গৈছিল। উল্লেখ্য যে পিতৃগৃহত অগ্নি সংযোগৰ ঘটনাৰ পিছতে ডিফুত কালি সন্ধিয়া চিইএম ৰংহাঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভুল বুজাবুজিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কয়। অনশনকাৰীসকলক চিকিৎসা প্ৰদানৰ বাবেহে আৰক্ষীয়ে সেই স্থানৰ পৰা উঠাই লৈ গৈ জিএমচিএইচত ভৰ্তি কৰিছিল। PGR/VGR ভূমিৰ উচ্ছেদৰ বিষয়টো আদালতৰ বিচৰাধীন আছে বাবে উচ্ছেদ সম্ভৱ হৈ উঠা নাই। অৱশ্যে ইতিমধ্যে উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি কয় ৰংহাঙে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ