মৰণোত্তৰভাৱে জয়ন্ত নাৰ্লিকাৰলৈ বিজ্ঞান ৰত্ন বঁটা প্ৰদান
নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি.স.)। বৰ্ষ ২০২৫ বিজ্ঞান ৰত্ন বঁটা মৰণোত্তৰভাৱে অধ্যাপক জয়ন্ত বিষ্ণু নাৰ্লিকাৰক প্ৰদান কৰা হয়। এই বঁটা বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অসাধাৰণ আৰু প্ৰেৰণাদায়ক অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ বৈজ্ঞানিক সন্মান। মঙলব
राष्ट्रपति द्रौपदी मुर्मु मंगलवार को राष्ट्रीय विज्ञान पुरस्कार प्रदान करते हुए


নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি.স.)। বৰ্ষ ২০২৫ বিজ্ঞান ৰত্ন বঁটা মৰণোত্তৰভাৱে অধ্যাপক জয়ন্ত বিষ্ণু নাৰ্লিকাৰক প্ৰদান কৰা হয়। এই বঁটা বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত অসাধাৰণ আৰু প্ৰেৰণাদায়ক অৱদানৰ বাবে দেশৰ সৰ্বোচ্চ বৈজ্ঞানিক সন্মান।

মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় বিজ্ঞান বঁটা ২০২৫ প্ৰদান কৰে। বিজ্ঞান ৰত্নৰ উপৰিও আঠজন বিজ্ঞানীক বিজ্ঞান শ্ৰী বঁটা প্ৰদান কৰা হয়, আৰু ১৪ জন যুৱ বিজ্ঞানীক বিজ্ঞান যুৱ-শান্তি স্বৰূপ ভাটনগৰ বঁটাৰে সন্মানিত কৰা হয়। আনহাতে বিজ্ঞান দলৰ বঁটা টিম আৰোমা মিছন, চি এছ আই আৰক প্ৰদান কৰা হয়।

পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আজীৱন অৱদান আগবঢ়োৱা পদ্ম বিভূষণ অধ্যাপক জয়ন্ত বিষ্ণু নাৰ্লিকাৰক মৰণোত্তৰভাৱে বিজ্ঞান ৰত্ন বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

আজি ৰাষ্ট্ৰপতিৰ পৰা বিজ্ঞানশ্ৰী বঁটা লাভ কৰা সকলৰ ভিতৰত আছে ড° জ্ঞানেন্দ্ৰ প্ৰতাপ সিং (কৃষি বিজ্ঞান), ড° ইউছুফ মহম্মদ শ্বেখ (পাৰমাণৱিক শক্তি), ড° কে থাংগৰাজ (জৈৱ বিজ্ঞান), অধ্যাপক প্ৰদীপ থালাপপিল (ৰসায়ন বিজ্ঞান), অধ্যাপক অনিৰুদ্ধ ভলচন্দ্ৰ পণ্ডিত (ইঞ্জিনিয়াৰিং বিজ্ঞান), ড° এছ ভেংকট মহন (পৰিৱেশ বিজ্ঞান), অধ্যাপক মহান এম জে (গণিত আৰু কম্পিউটাৰ বিজ্ঞান), আৰু জয়ন এন (স্থান বিজ্ঞান আৰু প্ৰযুক্তি)।

তদুপৰি বিজ্ঞান যুৱ – শান্তি স্বৰূপ ভটনগৰ বঁটা ড° জগদীশ গুপ্ত কপুগন্তী, ড° সতেন্দ্ৰ কুমাৰ মংগাৰোঠিয়া, দেবৰকা সেনগুপ্ত, ড° দীপা আগশ্বে, ড° দিব্যেন্দু দাস, ড° বলিউৰ ৰহমান, অধ্যাপক অৰ্কপ্ৰভা বসু, অধ্যাপক সব্যসাচী মুখাৰ্জী, অধ্যাপক শ্বেতা প্ৰেম আগৰৱালাক প্ৰদান কৰা হয়। ড° সুৰেশ কুমাৰ, অধ্যাপক অমিত কুমাৰ আগৰৱালা, অধ্যাপক সুৰহুদ শ্ৰীকান্ত মৰে, অংকুৰ গাৰ্গ, আৰু অধ্যাপক মোহনশংকৰ শিৱপ্ৰকাশম। চি এছ আই আৰ দল – আৰোমা মিছনে – বিজ্ঞান দলৰ বঁটাও লাভ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande