বাংলাদেশত হিন্দু যুৱকৰ হত্যাকাণ্ডক লৈ লিডুত উত্তাল প্ৰতিবাদ
বাংলাদেশ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা দাহ।
বাংলাদেশত হিন্দু যুৱকৰ হত্যাকাণ্ডক লৈ লিডুত উত্তাল প্ৰতিবাদ


তিনিচুকীয়া, ২৩ ডিচেম্বৰ (হি.স.) । বাংলাদেশত সংখ্যালঘু হিন্দু যুৱকৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে বাঙালি পৰিষদ অসম লিডু আঞ্চলিক সমিতিৰ তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । যোৱা কালি সোমবাৰে সন্ধিয়া ৫ বজাত লিডু হিন্দু মিলন মন্দিৰৰ সমিপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি বাংলাদেশ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বাংলাদেশী মৌলবাদী মুৰ্দাবাদ, মহম্মদ ইউনুছৰ মুৰ্দাবাদ, বাংলাদেশী মুছলমান হুচিয়াৰ, বাংলাদেশী মুছলিম গ'বেক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লিডুৰ আকাশ বতাহ। উল্লেখ্যে যে বাংলাদেশৰ মৈমনসিঙৰ (ভালুক) দীপু চন্দ্ৰ দাস নামৰ এজন ধৰ্মীয় সংখ্যালঘূ শ্রমিকক যোৱা ১৮ ডিচেম্বৰ তাৰিখে নৃশংস ভাৱে বাংলাদেশত মুছলিম মৌলবাদীসকলে হত্যা কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ। বাঙালি পৰিষদ অসম লিডু আঞ্চলিক সমিতিয়ে গ্ৰহণ কৰা ধিক্কাৰ কাৰ্যসূচীত স্থানীয় বিভিন্ন হিন্দু ধৰ্মীয় সংগঠন তথা স্থানীয় ৰাইজে সহযোগ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande