বাংলাদেশৰ ঘটনাক লৈ বজালীৰ দেনাৰটাৰি তালতল বজাৰত উত্তাল প্ৰতিবাদ
বাংলাদেশৰ ঘটনাক লৈ বজালীৰ দেনাৰটাৰি তালতল বজাৰত উত্তাল প্ৰতিবাদ।
বাংলাদেশৰ ঘটনাক লৈ বজালীৰ দেনাৰটাৰি তালতল বজাৰত উত্তাল প্ৰতিবাদ


বৰপেটা, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ হিন্দু নিৰ্যাতনৰ ঘটনাক লৈ বজালীৰ দেনাৰটাৰি তালতল বজাৰত যোৱা কালি সোমবাৰে সন্ধিয়া উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰা হয়। বাংলাদেশত হিন্দু সনাতনী ধৰ্মৰ এজন ব্যক্তিক নিৰ্মম ভাবে হত্যা কৰাৰ পিছতে সৰৱ হৈছে দল সংগঠন। বাংলাদেশৰ ভয়ংকৰ কাণ্ডৰ পিছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ওলাই আহিছে বিভিন্ন দল সংগঠন।

বজালী দেনাৰটাৰিতো যোৱা কালি সোমবাৰে সন্ধিয়া জিলা বাঙালী পৰিষদে উত্তাল কৰি তোলে তালতল বজাৰ। বাংলাদেশী গো- বেগ মৌলবাদী হুচিয়াৰ আদি শ্লোগানেৰে প্ৰতিবাদ কৰে বজালী জিলা বাঙালি পৰিষদ সদস্য সকলে । দিপু দাসৰ ন্যায়ৰ দাবীৰে এই প্ৰতিবাদ সাব্য়স্ত কৰে জিলা বাঙালি পৰিষদৰ কৰ্মীসকলে। দোষীক অতি শীঘ্ৰে উচিত শাস্তি প্ৰদান কৰাৰ দাবী তোলে বজালী জিলা বাঙালি পৰিষদে । এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মানব অধিকাৰ আয়োগত গোচৰ ৰুজু কৰিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande