
ওদালগুৰি, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ প্ৰতিবাদ অব্য়াহত আছে। যোৱা কালি সন্ধিয়া কলাইগাঁৱৰ বালিপাৰাত হিন্দু বঙালী সমাজে বাংলাদেশৰ মৌলবাদীৰ বিৰুদ্ধে কলাইগাঁৱৰ বালিপাৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
বাংলাদেশত ধৰ্মীয় উন্মাদনাই চূড়ান্ত ৰূপ ধাৰণ কৰি দীপু চন্দ্ৰ দাসক নিৰ্মমভাৱে হত্যা কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিবাদ হৈ আছে। ইয়াৰ মাজতে যোৱা কালি সোমবাৰে সন্ধিয়া কলাইগাঁৱৰ হিন্দু বাঙালী সমাজে প্ৰতিবাদ সাব্যস্ত কৰি বাংলাদেশৰ লগতে ভাৰতত মৌলবাদী উৎখাত কৰাৰ লগতে দীপু চন্দ্ৰ দাসৰ হত্যাকাৰীক ফাঁচীৰ দাবী উত্থাপন কৰে। বাংলাদেশৰ সংখ্যালঘু জনতাৰ ওপৰত অত্যাচাৰ নচলিব, অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহাম্মদ ইউনুছ মুৰ্দাবাদ, মহাম্মদ ইউনুছ গ' বেক, আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ