
ডিব্ৰুগড়, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ প্ৰতিবাদ অব্য়াহত আছে। বাংলাদেশত হিন্দু যুৱকৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে ডিব্ৰুগড়ত যোৱা কালি সোমবাৰে সন্ধিয়া উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰা হয়।
হিন্দু ক্ৰান্তি দলে জ্বলালে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বীৰ প্ৰতিকৃতি। বাংলাদেশত যদি হিন্দু সুৰক্ষিত নহয়, তেনেহ'লে পৃথক হিন্দু ৰাষ্ট্ৰ গঠন কৰক। দুই সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে মৌলবাদীৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ