বাংলাদেশী হিন্দু ৰ নৃশংস হত্যাকাণ্ডক লৈ ৰঙিয়াত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ তীব্ৰ প্ৰতিবাদ
বাংলাদেশী হিন্দু যুৱক দিপু চন্দ্ৰ দাসৰ নৃশংস হত্যাকাণ্ডক লৈ ৰঙিয়াত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ তীব্ৰ প্ৰতিবাদ।
বাংলাদেশী হিন্দু ৰ নৃশংস হত্যাকাণ্ডক লৈ ৰঙিয়াত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ তীব্ৰ প্ৰতিবাদ


কামৰূপ, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। বাংলাদেশী হিন্দু যুৱক দিপু চন্দ্ৰ দাসৰ নৃশংস হত্যাকাণ্ডক লৈ ৰঙিয়াত যোৱা কালি সোমবাৰে সন্ধিয়া বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশৰ পতাকা সম্বলিত পুত্তালিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উত্তৰ কামৰূপ জিলা বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ কৰ্মীসকলে এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বাংলাদেশ চৰকাৰ মূৰ্দাবাদ, বাংলাদেশত থকা হিন্দু অত্যাচাৰ বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে ৰঙিয়াৰ ৰাজপথ। ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ জড়িয়তে ভাৰত চৰকাৰক আহ্বান জনাই যে পাকিস্তানক যিদৰে অপাৰেশ্যন সিন্দুৰৰ দ্বাৰা প্ৰত্যুত্তৰ দিছিল ঠিক সেইদৰে বাংলাদেশকো প্ৰত্যুত্তৰ দিবলৈ দাবী জনাই বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande