
কোকৰাঝাৰ, ২৩ ডিচেম্বৰ (হি.স.): বাংলাদেশ হিন্দু নিৰ্যাতনৰ ঘটনাৰ প্ৰতিবাদতত কোকৰাঝাৰত দেশখনৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্য়স্ত কৰা হয় ৷ বাংলাদেশত দীপু দাস নামৰ হিন্দু যুৱকক নিৰ্মমভাৱে হত্যা কৰা ঘটনাৰ প্ৰতিবাদ আৰু হিন্দুৰ ওপৰত চলা অত্যাচাৰ বন্ধ কৰাৰ দাবীত কোকৰাঝাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সোমবাৰে সন্ধিয়া কোকৰাঝাৰ চহৰৰ জে ডি ৰোডত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় । বিশ্ব হিন্দু পৰিষদৰ একাংশ কৰ্মীয়ে বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ পুত্তলিকা দাহ কৰি বাংলাদেশৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাংলাদেশৰ বিৰুদ্ধে তীব্ৰ শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ আনহাতে ৰাজ্যত লাভ জেহাদ, ভূমি জেহাদ ৰোধ কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক আইন প্ৰণয়নৰ দাবী জনায় বিশ্ব হিন্দু পৰিষদে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ