বাংলাদেশী হিন্দু যুৱক দীপু চন্দ্ৰ দাসৰ নৃশংস হত্যাকাণ্ডক লৈ উত্তাল কাৰ্বি আংলং
বাংলাদেশী হিন্দু যুৱক দীপু চন্দ্ৰ দাসৰ নৃশংস হত্যাকাণ্ডক লৈ উত্তাল কাৰ্বি আংলং ।
বাংলাদেশী হিন্দু যুৱক দীপু চন্দ্ৰ দাসৰ নৃশংস হত্যাকাণ্ডক লৈ উত্তাল কাৰ্বি আংলং


কাৰ্বি আংলং, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশী হিন্দু যুৱক দীপু চন্দ্ৰ দাসৰ নৃশংস হত্যাকাণ্ডক লৈ যোৱা কালি সোমবাৰে সন্ধিয়া কাৰ্বি আংলং উত্তাল হৈ পৰে । অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বাঙালী পৰিষদ অসম কাৰ্বি আংলং জিলা সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে।

দিপু দাসৰ ৰক্তই আমাক জগাইছে - হিন্দুৰ সুৰক্ষা এতিয়াই লাগে আদি দাবীৰে উত্তাল প্ৰতিবাদ কৰা হয় কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ কালিবাৰীত । মাননীয় গৃহমন্ত্ৰী মহোদয় বাংলাদেশৰ হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক, হিন্দুৰ ওপৰত আক্ৰমণ - সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ, সনাতনি এক হওক, হিন্দুৰ বিৰুদ্ধে চলা অন্যায়ৰ বিৰুদ্ধে থিয় দিয়ক, দীপু দাসৰ নৃশংস হত্যাকাণ্ডৰ উচিত বিচাৰ লাগে আদি দাবীৰ শ্লো-গানেৰে উত্তৰ বৰবিলৰ কালিবাৰীৰ আকাশ বতাহ উত্তাল কৰি তোলে ।

বাংলাদেশৰ হিন্দু যুৱক দীপু চন্দ্ৰ দাসক নৃসংশভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ বিশ্বক জোকাৰি গৈছিল । ধৰ্মীয় মৌলবাদৰ নামত বাংলাদেশৰ হিন্দু জনগণৰ ওপৰত হৈ থকা বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে কাৰ্বি আংলংৰ বাঙালী পৰিষদ অসম, কাৰ্বি আংলং জিলা সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande