
ধুবুৰী, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ প্ৰতিবাদত যোৱা কালি সন্ধিয়া ৰাষ্ট্ৰীয় বজৰংগ দল আৰু আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে যৌথ ভাবে গোলকগঞ্জৰ আগমনি চাৰিআলিত ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি বাংলাদেশ চৰকাৰৰ মূখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰে । ওঠৰ ডিচেম্বৰত বাংলাদেশত সংখ্যালঘু হিন্দু যুৱক দীপু চন্দ্ৰ দাসক গছত ওলমাই জীৱন্তে জ্বলাই দিয়াৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰে।
বিয়লি আগমনি গণেশৰ ধামৰ পৰা প্ৰতিবাদকাৰী সকল ধৰ্মৰ নামত হিংসা বন্ধ কৰক, বাংলাদেশত সংখ্যালঘুৰ হত্যাকাণ্ড বন্ধ কৰক, ভাৰত চৰকাৰ জাগ্ৰত হওক বাংলাদেশৰ সংখ্যালঘুৰ কাষত থিয় হওক জাষ্টিচ ফৰ দীপু দাস আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে সমদল কৰি আহি আগমনি চাৰিআলিত মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অতিশীঘ্ৰে বাংলাদেশক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে ভাৰত চৰকাৰক দাবী জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ