বৰপেটাৰ চেঙাৰ হৰিপুৰত ৰহস্যজনকভাৱে উদ্ধাৰ নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ
বৰপেটাৰ চেঙাৰ হৰিপুৰত ৰহস্যজনকভাৱে উদ্ধাৰ নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ।
বৰপেটাৰ চেঙাৰ হৰিপুৰত ৰহস্যজনকভাৱে উদ্ধাৰ নিৰুদ্দিষ্ট যুৱকৰ মৃতদেহ


বৰপেটা, ২৩ ডিচেম্বৰ (হি.স.)। বৰপেটাৰ চেঙাৰ হৰিপুৰত যোৱা কালি বিয়লি ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হয় নিৰুদ্দিষ্ট যুৱক এজনৰ মৃতদেহ।ফাৰ্নিচাৰৰ দোকানৰ ভিতৰত কবৰস্থ কৰা অৱস্থাত উদ্ধাৰ কৰা হৈছে যুৱকজনৰ মৃতদেহ। ঘটনাক লৈ বহৰিৰ হৰিপুৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। উদ্ধাৰ হোৱা যুৱকজনৰ নাম তৈইবৰ সিকদাৰ(৪৩) বুলি জানিব পৰা গৈছে। যোৱা ১৬ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল তৈইবৰ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছিল তাৰাবাৰী আৰক্ষী থানাত। তাৰ পিছতে আৰক্ষীয়ে বিভিন্ন ধৰণে অনুসন্ধান চলাই বহৰি বজাৰৰ নুৰুল ভূঞাৰ ফাৰ্নিচাৰ দোকানৰ ভিতৰত কবৰস্থ কৰা অৱস্থাত উদ্ধাৰ কৰে তৈইবৰ সিকদাৰৰ অৰ্ধগলিত মৃতদেহ। কিহৰ বাবে তৈইবৰ সিকদাৰক আৰু কোনে হত্যা কৰি পুতি থলে সেইয়া এই মূহুৰ্তলৈকৈ জানিব পৰা নাই। আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাৰ প্ৰকৃত ৰহস্য উদ্ঘাটন হ’ব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande