ওড়িশাত ২২ জন মাওবাদীৰ অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পণ
ভুৱনেশ্বৰ, ২৩ ডিচেম্বৰ (হি.স.)। ওড়িশাৰ মলকানগিৰি জিলা আৰক্ষীৰ ওচৰত মঙলবাৰে ২২ টা মাওবাদীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক লৈ ওচৰত আত্মসমৰ্পণ কৰে। মাওবাদীয়ে বিভিন্ন কেলিবাৰৰ ৯টা আগ্নেয়াস্ত্ৰ, ১৫০টা সজীৱ কাৰ্টিজ, ৯টা মেগজিন, ২০ কেজি বিস্ফোৰক, ১৩টা আই
मालकानगिरि में  पुलिस डीजीपी के सामने आत्म समर्पण करते हुए माओवादी


ভুৱনেশ্বৰ, ২৩ ডিচেম্বৰ (হি.স.)। ওড়িশাৰ মলকানগিৰি জিলা আৰক্ষীৰ ওচৰত মঙলবাৰে ২২ টা মাওবাদীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক লৈ ওচৰত আত্মসমৰ্পণ কৰে। মাওবাদীয়ে বিভিন্ন কেলিবাৰৰ ৯টা আগ্নেয়াস্ত্ৰ, ১৫০টা সজীৱ কাৰ্টিজ, ৯টা মেগজিন, ২০ কেজি বিস্ফোৰক, ১৩টা আই ই ডি, জেলেটিন ষ্টিক, কোডেক্স তাঁৰ, মাওবাদী সাহিত্য আৰু অন্যান্য সামগ্ৰী জমা দিয়ে। আৰক্ষী সঞ্চালক প্ৰধান ৱাই.বি. খুৰনীয়াৰ সন্মুখত মাওবাদী সদস্য সকলে আত্মসমৰ্পন কৰে।

এই উপলক্ষত জিলা আৰক্ষী কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত ডিজিপি ৱাই.বি. খুৰাণিয়া, ডি আই জি কানৱাৰ বিশাল সিং, মালকানগিৰি জিলা দণ্ডাধীশ সোমেশ উপাধ্যায়, আৰক্ষী অধীক্ষক বিনোদ পাটিল এইচ,কে ধৰি অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াসকল উপস্থিত থাকে। হিংসা ত্যাগ কৰি আত্মসমৰ্পণ কৰা মাওবাদীসকলক চৰকাৰী নীতি অনুসৰি পুনসংস্হাপন আৰু বিভিন্ন ধৰণৰ সাহায্য প্ৰদান কৰা হ’ব বুলি ডিজিপিয়ে উল্লেখ কৰে। তেওঁ যুৱক-যুৱতীসকলক হিংসা ত্যাগ কৰি মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনায়।

আৰক্ষীৰ তথ্য অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ ওপৰত মুঠ ২.২৫ কোটিতকৈ অধিক পুৰস্কাৰ ঘোষণা কৰা হৈছিল । আত্মসমৰ্পণৰ পিছত ৰাজ্য চৰকাৰৰ পুনসংস্হাপন নীতিৰ অধীনত সকলোকে সুবিধা প্ৰদান কৰা হ’ব। এই গণ আত্মসমৰ্পণ চিপিআই (মাওবাদী)ৰ বাবে এক বৃহৎ আঘাত ৰূপে বিবেচিত হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande