
দক্ষিণ শালমাৰা মানকাচৰ, ২৩ ডিচেম্বৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ ৰাঙাপানীত যোৱা কালি সোমবাৰে বিয়লি ড্ৰাগছৰ বিৰুদ্ধে মানকাচৰৰ আৰক্ষীৰ অভিযান চলে । অভিযানত জব্দ কৰা হয় ৮৯৬ টা নিচাজাতীয় যাবা টেবলেট । এই সন্দৰ্ভত আটক কৰা হয় ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী।
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন জোৰদাঙা কুছনিমাৰা গাঁৱৰ সাহিনুৰ ইছলাম আৰু নিল চান্দ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ দুজনক মানকাচৰৰ আৰক্ষী থানাত সোধ পোছ অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ