ধুবুৰীত সনাতন সমাজৰ বাংলাদেশত নিৰিহ হিন্দুক হত্যা আৰু নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী
ধুবুৰীত সনাতন সমাজ ধুবুৰীৰ উদ্যোগত বাংলাদেশত নিৰিহ হিন্দুক হত্যা কৰা আৰু নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী পালন।
ধুবুৰীত সনাতন সমাজৰ বাংলাদেশত নিৰিহ হিন্দুক হত্যা আৰু নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী


ধুবুৰী, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশত সংখ্যালঘু হিন্দুৰ অপৰত চলা নিৰ্মম আক্ৰমণ আৰু তাৰ পাছতেই ক্ষোভৰ উদগীৰণ ঘটিছে ভাৰতত। দীপু চন্দ্ৰ দাসক অমানৱীয় ভাবে হত্যা কৰাৰ প্ৰতিবাদত যোৱা কালি সোমবাৰে সন্ধিয়া ধুবুৰীত সনাতন সমাজ ধুবুৰীৰ উদ্যোগত বাংলাদেশত নিৰিহ হিন্দুক হত্যা কৰা আৰু নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে।

ধুবুৰী চহৰৰ কলিবাৰীৰ পৰা ৰেলি উলিয়াই ধুবুৰী পাঁচ মোৰত ৰেলি সমাপ্ত কৰি বাংলাদেশৰ ইউনুছ চৰকাৰক তীব্ৰ সমালোচনা কৰি ইউনুছৰ প্ৰতিমূৰ্তি জ্বলাই দিয়াৰ লগতে বাংলাদেশৰ পতাকাৰ ওপৰেদি খোজ কাঢ়ি যোৱা পৰিলক্ষিত হয়। বিভিন্ন শ্লোগানেৰে বাংলাদেশক হুংকাৰৰ লগতে বাংলাদেশৰ প্ৰাণ কোম্পানীৰ বিস্কুট, চিপচ, জ্বলাই দিয়ে। আৰু ৰাইজক আহ্বান জনায় বাংলাদেশ ৰ বস্তু ভাৰতত ব্যৱহাৰ নকৰাৰ বাবে অনুৰোধ জনায়। বাংলাদেশৰ প্ৰধানমন্ত্ৰী ড০ ইউনুছৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক বাংলাদেশক কঠোৰ পদক্ষেপ গ্ৰহণ কৰি বাংলাদেশত থকা হিন্দু সকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আহ্বান জনায় প্ৰতিবাদী সকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande