
Assam, 23 ডিচেম্বৰ (হি.স.)।
তেজপুৰৰ বিন্দুকুৰীত মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ
শোণিতপুৰ, ২২ ডিচেম্বৰ (হি.স.)।বাংলাদেশত উন্মত্ত মৌলবাদী শক্তিয়ে প্ৰতিবাদৰ নামত দীপু চন্দ্ৰ দাস নামৰ এজন হিন্দু শ্ৰমিকক জীৱন্তে দাহ কৰা ঘটনাৰ বিৰুদ্ধে আজি মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাত তেজপুৰৰ বিন্দুকুৰীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ আটছাৰ বিন্দুকুৰী উপশাখা আৰু স্হানীয় ভাৰতীয় খাদ্য নিগমৰ শ্ৰমিক সন্হাই জোৰ সমদল তথা ধৰ্ণা কাৰ্যসূচীৰে বাংলাদেশত সংঘটিত বৰ্বৰোচিত ঘবনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷বাংলাদেশী হুচিয়াৰ, মৌলবাদী হুচিয়াৰ, বাংলাদেশত হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক, আটছা লং লিভ আদি ধ্বনিৰে পৰিস্থিতি উত্তাল কৰি তোলা প্ৰতিবাদকাৰী সকলে বাংলাদেশ চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ প্ৰতিকৃতি দাহ কৰে৷
বাংলাদেশৰ মৌলবাদী শক্তিয়ে ভাৰতৰ পূৰ্বোত্তৰৰ ৰাজ্য সমূহক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ যি ভাবুকি দি আহিছে তাৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বাংলাদেশৰ এনে বক্তব্য সহ্য কৰা নহয়৷ য’দিহে ভাৰতৰ সাধাৰণ লোকেই বাংলাদেশৰ বিৰুদ্ধে ওলাই আহে তেনেহলে বাংলাদেশৰ নিস্তাৰ নহ’ব বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী সকলে ভাৰতীয় সকলৰ ধৈৰ্য পৰীক্ষা নকৰিবলৈও সকীয়নি দি বাংলাদেশত হিন্দু সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ