বাংলাদেশৰ দৰে বংগতো হিন্দুৰ বিৰুদ্ধে হিংসা সংঘটিত হৈছে: বিজেপি
নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে অভিযোগ কৰে যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ দৰে তৃণমূল কংগ্ৰেছ শাসিত পশ্চিম বংগতো হিন্দুৰ বিৰুদ্ধে লক্ষ্য কৰি হিংসা সংঘটিত হৈ আছে। বিজেপিৰ মুখপাত্ৰ ড০ সুধাংশু ত্ৰিবেদীয়ে দলৰ মুখ্য কাৰ
डॉ. सुधांशु त्रिवेदी, भाजपा प्रवक्ता


নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিয়ে মঙলবাৰে অভিযোগ কৰে যে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ দৰে তৃণমূল কংগ্ৰেছ শাসিত পশ্চিম বংগতো হিন্দুৰ বিৰুদ্ধে লক্ষ্য কৰি হিংসা সংঘটিত হৈ আছে।

বিজেপিৰ মুখপাত্ৰ ড০ সুধাংশু ত্ৰিবেদীয়ে দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেলত কয় যে বাংলাদেশত সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত অব্যাহত থকা আক্ৰমণে নিশ্চিতভাৱে সকলো ভাৰতীয়কে চিন্তিত কৰি তুলিছে। হিন্দু সম্প্ৰদায়ৰ ওপৰত লক্ষ্য কৰি লোৱা আক্ৰমণে ভাৰতৰ ভিতৰত হিন্দুসকলকো গভীৰভাৱে আঘাত আৰু ক্ষুব্ধ কৰি তুলিছে। ইয়াৰ ফলত সমগ্ৰ দেশতে শান্তিপূৰ্ণ প্ৰতিবাদ আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ হৈছে। তেওঁ এই ঘটনাবোৰক গৰিহণা দি ভাৰতীয় মিত্ৰজোঁটে সনাতন ধৰ্ম নিৰ্মূলকৰণক মূলমন্ত্ৰ হিচাপে লোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে।

ড০ ত্ৰিবেদীয়ে কয় যে পশ্চিম বংগ চৰকাৰ আৰু আৰক্ষীয়ে হিন্দু সংগঠনৰ শান্তিপূৰ্ণ বিক্ষোভৰ বিৰুদ্ধে নৃশংস ব্যৱস্থা গ্ৰহণ কৰিছিল, যিটো নিন্দনীয়।

তৃণমূল কংগ্ৰেছৰ নেতা ফিৰহাদ হাকিমে এটা সমষ্টিক মিনি পাকিস্তান আখ্যা দিছিল। তেওঁ অভিযোগ কৰে যে তৃণমূল কংগ্ৰেছৰ শাসনত পশ্চিম বংগত বহু মিনি পাকিস্তানৰ সৃষ্টি হৈছে। দেখা গৈছে যে বাংলাদেশত যদি জামাত-ই-ইছলামীয়ে হিন্দুসকলৰ বিৰুদ্ধে লক্ষ্য কৰি হিংসা চলাই আছে, তেন্তে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰে হিন্দুৰ বিৰুদ্ধে লক্ষ্যভিত্তিক ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে যেনেকৈ বাংলাদেশত ৰাজনৈতিক পৰিস্থিতিৰ আৱৰণত হিন্দুসকলক লক্ষ্য কৰি লোৱা হৈছে, ঠিক তেনেদৰে পশ্চিম বংগতো এটা বা আন এটা বিষয়ৰ অজুহাতত হিন্দুৰ বিৰুদ্ধে লক্ষ্য কৰি হিংসা সংঘটিত হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande