
শিৱসাগৰ, ২৩ ডিচেম্বৰ (হি.স.)। বীৰ লাচিত সেনাৰ নেতা ৰন্টু পানীফুকনক যোৱা কালি সোমবাৰে সন্ধিয়া শিৱসাগৰৰ সদৰ থানাত হাজিৰ কৰোৱা হয়। শিৱসাগৰ সদৰ থানাত পঞ্জীয়নভুক্ত হৈ থকা এটা গোচৰৰ সংক্ৰান্তত পানীফুকনক অনা হৈছে শিৱসাগৰলৈ।
জানিব পৰা মতে অহা ২৩ ডিচেম্বৰ তাৰিখে শিৱসাগৰৰ আদালতত হাজিৰ কৰোৱা হ'ব বীৰ লাচিত সেনাৰ নেতাজনক। শিৱসাগৰৰ গোচৰ নং:১৬৬/২৫ ৰ অধীনত---৩০৮(৪)/৩৫১(২)/৩(৫) বিএনএছ ধাৰা সংযোজন আছিল। তেজপুৰৰ কাৰাগাৰৰ পৰা শিৱসাগৰলৈ অনা হৈছে পানীফুকনক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ