
ধুবুৰী, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশত হিন্দু যুৱকৰ নৃশংস হত্যাকাণ্ডক লৈ বিলাসীপাৰাত যোৱা কালি সোমবাৰে সন্ধিয়া উত্তাল প্ৰতিবাদ কৰা হয়।বাংলাদেশ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ।
বাংলাদেশত সংখ্যালঘু হিন্দু যুৱকৰ নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে বাঙালি পৰিষদ অসম ধুবুৰী জিলা সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।বিলাসীপাৰাৰ চহৰৰ মাজমজিয়াত বাংলাদেশ চৰকাৰৰ উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।প্ৰতিবাদকাৰী সকলে বাংলাদেশী মৌলবাদী মুৰ্দাবাদ, মহম্মদ ইউনুছ মুৰ্দাবাদ, বাংলাদেশী মুছলমান হুচিয়াৰ, বাংলাদেশী মুছলিম গ'বেক আদি শ্লোগানেৰে উত্তাল কৰি তোলে বিলাসীপাৰাৰ আকাশ বতাহ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ